নামঘৰীয়া (নিভা গগৈ)

       সকামৰ পৰা আহি নামঘৰীয়াই কঁকালটো পোনাওঁ বুলি বিচনাতে বাগৰ এটা দিলে ৷ দুচকু জপাই দীঘল হামি এটা মাৰি কোপোৰৰ জাপটো ডিঙিলৈকে লৈ টোপনি যাবলৈ চেষ্টা কৰিলে ৷ চেঁচা ভৰি দুটা লাহে লাহে উমাই আহিল ৷ আবেলি বৰ জাৰ নমাইছে এই কেইদিন ৷ সন্ধ্যা হোৱাৰ আগতে গাটো তিয়াই আকৌ নামঘৰত গধুলি দবা বজাব লাগিব, তাৰ পাছত বৰুৱাৰ ঘৰত গীতা পাঠ আছে ৷ বুঢ়া বয়সত বৰ কষ্ট হয় ৷ দহ বিছ টকা খৰচ এটাও ওলাই থাকে ৷ ইফালে তিনিদিন ধৰি হালৰ গৰু এটাও হেৰাল ৷ পো বোৱাৰীৰ গৰু গাই লৈ কাণসাৰ নাই ৷ টিভিটো এদিন বেয়া হ'লে চিঞৰি মৰিব ৷ বোলে ভাল চিৰিয়েল খন গ'ল ৷ এইবোৰ খঙতে কেতিয়াবা পানী অকণ খাই, ব়ুঢ়ি থকাহেঁতেন দুখৰ কথাকে পাতি পাৰ কৰিলেহেঁতেন ৷ সাতটা জনম একেলগে থকাৰ শপত খাই নামঘৰীয়াক অকলশৰীয়া কৰি গুচি গ'ল ৷
- ককা, অ' ককা তোক বিচাৰি আলহী এজন আহিছে ৷
চিলমিলকৈ টোপনি অহা নামঘৰীয়াৰ নাতীনিয়েকৰ মাতত খপজপকৈ সাৰ পালে ৷ কুহুমীয়া উমৰ পৰা উঠিব মন নাথাকিলেও কৃষ্ণ কৃষ্ণ বুলি উঠি গ'ল ৷
- নামঘৰীয়া দাইটি, ঘৰতে বছেৰেকীয়া সকাম এভাগ কৰিব আগব়াঢিছো ৷ আপোনাক আগতীয়াকৈ মাতিছো, ভকত পাবলৈ নাই বোলো এমাহৰ আগতে মাতি ভকত কেইজন বুক কৰি থওঁ হেহেহে
- নামঘৰীয়াই হ'ব বুলি কৈ আলহীক বিদায় দিলে, বেছি কথকী মানুহক নামঘৰীয়াই বৰ এটা পছন্দ নকৰে, নিজেও কম কথা পাতে ৷
       সন্ধ্যা গাটো তিয়াই নামঘৰীয়া নামঘৰ পালেগৈ ৷ গাওঁৰে তিৰুতা দুগৰাকীমান চাকি দিবলৈ নামঘৰীয়াৰ অপেক্ষাত আছিল ৷ নামঘৰীয়াই চাকি ধূপ জ্বলালে, দবা বজালে, প্ৰাৰ্থনা এটি গাই আই সকলকো বিদায় দিলে ৷ নিজেও ভগৱন্তক সেৱা এটি কৰি হেৰোৱা গৰুটো যেন ঘৰ পায়হি তাকে প্ৰাৰ্থনা কৰিলে ৷

নামঘৰৰ পৰা ওলাই বৰুৱা ঘৰলৈ বাট লৈছে তেনেতেই গাভৰু এগৰাকী দৌৰি আহি নামঘৰীয়াৰ ভৰিতে পৰি সেৱা এটি কৰি ক'লে, -- অ' দৌটি, মোক বচাৱক ৷ আপোনাৰ সৰু পুত্ৰে মোক বিয়া পাতিম বুলি প্ৰেমৰ জালত পেলাই মোক সতীত্বক দাগ বহালে ৷ এতিয়া বিয়া পতা কথা ক'লে আঁতৰি ফুৰে আৰু মই কলংকিত নাৰী বুলি গালি পাৰে ৷ উপায়হীন হৈ আপোনাকে কথাটো ক'বলৈ বাধ্য হ'লো ৷ মোক উদ্ধাৰ কৰক, নহ'লে মই আত্মহত্যা কৰিব লাগিব ৷
      নামঘৰীয়াই ছোৱালীজনীক উঠিব দিলে, পুত্ৰৰ কৰ্মত নামঘৰীয়াই লাজ পালে ৷ ঘৰৰ গৰুটো বিচাৰি যাবলৈ সময় নাই, কিন্তু এইবোৰ কি কৰিছে, কিহৰ পাপৰ ফল দেখিছে তেওঁ ৷ ছোৱালীজনীক বিচাৰ কৰিব লাগিব, অন্যায় কৰিবলৈ কোনে শিকালে ৷ এচাম বন্ধুৰ লগত দিনটো টলৌ টলৌ ঘূৰী ফুৰিব, বিহু, পূজা, ৰাস পাতিলে মানুহৰ পৰা ধন দাবী কৰিব ৷ দুদিনমান পকেট গৰম কৰি ঘৰত মাছে-মঙহে খাব ৷ নিশা এপৰ হ'লে মদ খাই মাতাল হৈ ঘৰ সোমাব ৷ এয়াই কি ৰীতি, এজনী ছোৱালীক ধংস কৰা এয়াই কি আধুনিক ষ্টাইল ,ফ্যেচন কুকুৰহঁতৰ !!
       নামঘৰীয়াই খঙত থক্ থক্ কৈ কঁপিব ধৰিলে, পুহ মাহৰ হ়াড কঁপুৱা জাৰত ঘামিব ধৰিলে ৷ ছোৱালীজনীৰ ঠিকনাটো ভালকৈ সুধি তাইক ঘৰলৈ যাব দিলে, নিজৰ পুত্ৰৰ গালত চৰ দুটা বহালেহে যেন নামঘৰীয়াৰ শান্তি লাগিব ৷ চকুলোৰে তেওঁ গাল দুখন তিতি পৰিল ৷ বৰুৱাৰ ঘৰলৈ আগ নাব়াঢি নামঘৰীয়া ঘৰলৈ খোজ ল'লে ৷ পুত্ৰৰ কৰ্মৰ দোষে নামঘৰীয়া ক্ষোভত একাকাৰ হ'ল ৷ আহি আহি নামঘৰীয়াই বাঁহনী এদৰা পাৰ হওঁ হওঁতে এজাক গৰু দৌৰি দৌৰি পাৰ হৈ গ'ল ৷ ষ্টিট লাইটৰ পোহৰত নামঘৰীয়াই ভালকৈ চিনি পালে হেৰোৱা গৰুটো এজনী চেউৰীৰ পিছত দৌৰি গৈছে ৷ যাঃ মৰ চব, জহনী যা ৷ ঘৰলৈ যাব নালাগে ৷ তেনেতে মটৰ চাইকেল এখন পাৰ হৈ গ'ল, নামঘৰীয়াই ভালকৈ চিনি পালে সেয়া তেওঁৰে সৰু পুত্ৰ আৰু পিছত বহুৱাই নিছে এজনী পতলুং পিন্ধা ছোৱালী যি তাইৰ দুখন হাতে সাৱতি ধৰি গৈছে নামঘৰীয়াৰ কুলাংগাৰ পুত্ৰক ৷৷