অনামিকা.....,
এখন সম্বোধন বিহীনপত্ৰ তোমালৈ……মৰমৰ, প্ৰিয়া, জান- ইত্যাদি তুচ্ছ শব্দৰে তোমাক সম্বোধন কৰিবলৈ মোৰ ইচ্ছা নগ'ল । হয়তো তেনে শব্দৰে তোমাক সম্বোধন কৰিবলৈ মোৰ আজি কোনো অধিকাৰেই নাই ! জানো মোৰ পত্ৰখন আজি তোমাৰ গ্ৰহণযোগ্য নহয়, তথাপি এবাৰ সম্পূৰ্ণকৈ পঢ়ি চাবলৈ কাতৰেৰে অনুৰোধ কৰিলোঁ কাৰণ এইখনেই তোমালৈ লিখা মোৰ অন্তিম চিঠি । জানা অনামিকা, তুমি এৰি যোৱা দিন ধৰি আজিলৈকে মোৰ হৃদয়ত একুঁৰা বিৰহৰ জুই জ্বলি আছে উমি উমি ! বেদনাই কোঙা কৰি পেলাইছে মোৰ বুকুখন ! তুমি এৰি যোৱাৰে পৰা মই ঘোৰ এন্ধাৰত বুৰ গলো অনামিকা ! আজিও পোহৰৰ মুখ দেখা নাই ! অনামিকা আজি মোৰ তোমালৈ মাথো এটাই প্ৰশ্নঃ--মোৰ ভুল কি আছিল ? কি ভুলৰ বাবে তুমি মোক এৰি গ'লা গৈ ? তোমাক সুখ দিব পৰা জোখেৰে মোৰো আছিল এখন সঁচা হৃদয় । অনামিকা তুমি মোক কিয় বুজি নাপালা ? অনামিকা, প্ৰেমৰ শেষ ঠিকনা যদি নিসঙ্গতাই হ'বলে হয়, তেন্তে কিয় লাগে এই সীমাহীন ভালপোৱা ! কিয় লাগে এই মিছা প্ৰেৰণা ? অনামিকা, ভাল পোৱাৰ শেষ উপহাৰ এবুকু বিষাদেই দিবা বুলি জনা হ'লে মই কাহানিও তোমাৰ প্ৰেমত নপৰিলোঁ হয় ! বহুত বেছি ভাল পাইছিলো তোমাক, হয়তো সেইয়াই মোৰ ভুল আছিল ! জানা অনামিকা, তোমাৰ বিয়াৰ খবৰটো পাই মোৰ বুকুৰ বিষটো দুগুনে বাঢ়ি আহিছে, এনে লাগিছে মই যেন জীয়াই নাথাকিম আৰু……, কপালত ৰঙা সেন্দুৰ আঁকি তুমিটো যাবা গৈ আন এজনলৈ… দুদিন পাছতে অতীত পাহৰি তুমি আনৰ আপোন হ'বা গৈ… কিন্তু মই এনেকৈয়ে থাকি যাম অতীতক বুকুতলৈ…! জানা অনামিকা, সুখ বিছাৰি গৈ দুখী হোৱাতকৈ দুখক লৈয়ে সুখী হোৱাটো ভাল অ' ! মইয়ো আজি তাকেই কৰিম অনামিকা, সুখ বিছাৰি নাযাওঁ আৰু কোনো দিন, তুমি দিয়া দুখবোৰক লৈয়ে সুখী হ'ম চিৰ দিনলৈ………। শব্দ শেষত, তুমি সুখী হোৱা সদায়ে,, তাৰেই অসীম কামনা কৰিলোঁ…।

ইতি,
তোমাৰ অতীতৰ ৰাজীৱ ৷
তোমাৰ অতীতৰ ৰাজীৱ ৷