মৰমৰ সোণ.....মৰম ল'বি ।
দিনটোৰ ব্যস্ততাৰ মাজত থাকিওঁ লুকাই চোৰকৈ এই চিঠিখন লিখিলো তোলৈ, আকোঁৱালি ল'বি । তোক ফোন কৰিছিলোঁ, কিন্তু তোৰ ফোনটো ছুইছ অফ দেখাই আছে । সেয়েহে এনেকৈ লিখিলো । সোণ, তইটো জানাই মইয়েই ঘৰৰ একমাত্র ডাঙৰ ছোৱালী । মা দেউতাৰ আশা মোক ডাঙৰ মানুহ কৰা । কিন্তু সিহঁতৰ আশাবোৰ মই বাস্তৱ ৰূপ দিব নোৱাৰিলো । এই সকলোবোৰৰ দায়ী তই । কলেজৰ প্ৰথম দিনতেই তই মোক প্ৰেমৰ প্ৰস্তাৱ দিছিলি । মইওঁ তোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা নাছিলো । কিয়নো ঘৰৰ মা দেউতাৰ আশাবোৰ পুৰণ কৰিবলৈ মোক ইমান দুৰত এদমিছন দিছিল । তাতে আৰু নতুন ঠাই, অচিনাকি সকলো । নিজৰ মনটোক সংযত ৰাখি তোক একোৱেই উত্তৰ দিয়া নাছিলো । লাহে লাহে, সময়ৰ নিষ্ঠুৰ হাতোৰাত বন্দী হৈ মইয়ো তোৰ প্ৰেমত পৰিলো । সকলোতে মাথো তোকেই দেখা পালো । প্ৰেমৰ অন্ধ ৰাগিত মাতাল হৈ মই সকলো পাহৰি গৈছিলো । মা দেউতাৰ আশাবোৰ জলাঞ্জলী দি মোৰ জীৱনৰ সবস্ব তোৰ নামতেই অৰ্পন কৰিলো । তেতিয়া মই বুজা নাছিলোঁ যে প্ৰেম অন্ধ হয় । তোৰ দৰে যদি মই জনা হ'লোহেঁতেন এনেধৰণৰ কামবোৰ কেতিয়াও নকৰিলোহেঁতেন । কিন্তু সোণ তইটো সকলো জানিছিলি ! কিয় মোক তই এনেকৈ অথাই সাগৰত পেলাই দিলি ? কি দোষ কৰিছিলো তোৰ ওচৰত ? তোক ভালপোৱাৰ আৰত ইমান স্বাৰ্থপৰ কৰিলি মোক ! সোণ দেউতাৰ বেমাৰ । আজিকালি দেউতাই হাজিৰা কৰিবলৈ প্ৰায়েই নাযায় । গা ভাল পালে কেতিয়াবা যায় । জানাই দেখোন আমাৰ ঘৰখনৰ শেষ ভৰষা দেউতাৰ ওচৰতে । দেউতাৰ আশা আছিল মোক লৈ ! কিন্তু মইয়েই দিব নোৱাৰিলো দেউতাৰ আশাবোৰ বাস্তৱত ৰূপ দিবলৈ ! সোণ, তই সকলোবোৰ পাহৰি গলি ন ! তোকটো মোৰ মা দেউতাই নিজৰ বুলি ভাবিছিল ! এটা ভাল বস্তু আনিলেওঁ মোৰ মা ই তোৰ কাৰণে থৈ দিছিল । দেউতাই দিন হাজিৰা কৰি যিখিনি টকা পাইছিল তাৰে অলপ মোৰ বিয়াৰ কাৰণেই থৈ দিছিল ! মোক নজনাকৈয়ে মা ই যে সেইখিনি তোক দিছিল তোৰ মনত আছেনে ? সোণ, বহুত কষ্ট পাই আছো অ' মই । এইবোৰ ভাবিলেই মই মৰি যাবৰ মন যায় । কিন্তু ৰুগীয়া মা আৰু দেউতাৰ মুখলৈ চাই একো কৰিব নোৱাৰো । এফালে মা দেউতাৰ যন্ত্ৰণা কাতৰ দুখ আনফালে মোৰ জীৱনৰ দুখৰ যাতনা । সোণ, তই পাৰিলে এটা খবৰ লবি ছোন মোৰ । আমনি নকৰো যা তোক, মাত্ৰ তই মাৰ পৰা নিয়া টকাখিনি ঘুৰাই দিবি ! কাৰণ দেউতাৰ দৰৱ কিনিবলৈ পইছা মিলাব পৰা নাই অ' । অন্ততঃ ঘৰৰ একমাত্র ছোৱালী হৈয়ো মই সিহঁতক সুখ দিব নোৱাৰিলো । হ'ব দে, তোক এইবোৰ কবলৈ মইটো তোৰ এতিয়াএকো নহয় ন ! তই কেৱল সুখত থাক । পাৰিলে আহিবি ৷
সীমনাত "পৰী"







