নীলা খামৰ চিঠি (অৰুপ কুমাৰ বৈশ্য)

মৰমৰ,
কি বুলি মাতিম তোমাক ? মোৰ বিচ্ছেদৰ ডায়েৰীখন পঢ়িবা জানো তুমি (?) । কেনেকৈ বৰ্ণনা কৰিম মই মোৰ দুখৰ পাণ্ডুলিপি । এতিয়া যে মই সাঁজিব নোৱাৰো সুখৰ পিৰামিড । সাঁজিব নোৱাৰো সপোন সাগৰ অথবা সুখৰ তামীঘৰা । মই যে এতিয়া বিষাদী বিৰিণা । দুখ মোৰ আজন্ম লগৰী । তুমি গুছি যোৱাৰ পৰাই মই গতি কৰিছো স্বপ্নহীন ভৱিষ্যতলৈ । ভুল মোৰেই হ'ল তোমাক ভাল পাই । ভুল কৰিলো মই । কি আছিল তোমাৰ হৃদয়ত ভাবি নাছালো । বাওঁনা হৈ চন্দ্রলৈ হাত মেলিছিলো । ঢুকি নাপালো । তাৰ পিছতো তোমাৰ হৃদয়ত দিছিলো প্রেম প্রেম লগা অনুভৱ বোৰ । হয়তো তুমি কাহানিও ভাৱিবই নোৱাৰা মোৰ কথা । কাৰণ তুমি ইমান ধুনীয়া আৰু মই ; মই যে ইমান দুখীয়া । এটা মস্ত বেকাৰ জীৱনলৈ তোমাক বিয়া কৰোৱাৰ সপোন দেখিছিলো ! বা: কি কল্পনা । ঘৰৰ ফুটাৰে আকাশৰ তৰা গণিব পাৰি । তাৰ পিছতো ৰচি গৈছিলো সপোন । কাৰণ মোৰ ভালপোৱাৰ গাভৰু নৈত দেখো তুমিয়েই উমলি থাকা । এতিয়া হীৰু দাৰ দৰে মইয়ো ক'ব লাগিব "দুখ মোৰ কোলাৰ কেচুঁৱা , বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে " ।


ইতি
প্রান্তত তোমাৰ আজন্ম প্রেমিক
"অৰুপ"