অন্ধ প্ৰেম (দেবৰাজ কলিতা)


          সিদিনা হঠাতে জিলা পুথিভৰাল প্ৰেক্ষাগৃহত এখন নাটক চাবলৈ গৈছিলো ।বহুতদিন নাটক চাবলৈ সুবিধা পোৱা নাছিলো । এসময়ত নাটক থিয়েটাৰ চিনেমা বুলিয়েই যেন পাগল আছিলো ।খোজ কাঢ়ি হওঁক চাইকেল মাৰি হওঁক বা বাইকৰে হওঁক যেতিয়াই যিদৰে সুবিধা পাইছিলো নাটক থিয়েটাৰ ভাওনা চোৱাৰ যেন বৰ চখ আছিল ।কিন্তু সময়ৰ গতিত জীৱনৰ গতি পৰিবৰ্তন হোৱাৰ পৰা কিছুমান কামত হেঁপাহ থাকিলেও যেন কেতিয়াবা সম্ভৱ নহয়।সিদিনা ঘৰত আলহী আছিল বাবে প্ৰথম প্ৰদৰ্শনী চাৰি বজাত পোৱাকৈ চাবলৈ যাব নোৱাৰিলো । যি নহওঁক দ্বিতীয় প্ৰদৰ্শনী ছয় বজাৰ পিছত চাম বুলি জীয়ৰী প্লাৱিতাৰ লগত উপস্থিত হৈছিলো ।আমি গৈ পোৱাৰ অলপ পিছতে প্ৰথম প্ৰদৰ্শনী শেষ হৈছিল মাত্র ।বহুত চিনাকি ল'ৰা ছোৱালী, পুৰুষ, মহিলাই মোক ওচৰত আহি মাত দিলে মনটো খুবেই ভাল লাগিছিল । তেনেতে মোৰ বহুত দিনৰ চিনাকি মানৱ কাশ্যপ নামৰ ল'ৰা এজনে আহি খুৰা আপুনিও আহিছে বুলি মোক সাবটি ধৰিছিল । ময়ো সাবটি ধৰিছিলো কিবা অবুজন আবেগত । কিছুদিন আগতে গম পাইছিলো তাৰ বহুদিনৰ প্ৰেমিকাৰ লগতে ৰিং চিৰেমনি হৈ গৈছিল । গৌভাগ্য ক্ৰমে সিহঁত দুইটাৰে লগত মোৰ ভাল চিনাকি আৰু আত্মীয়তাও আছিল আনকি বহুবাৰ দিতিমনি কলিতাৰ (মানৱৰ প্ৰেমিকা) ঘৰলৈও আমি গৈছিলো । যি নহওঁক মোক সিহঁতৰ আঙুঠি পিন্ধোৱা পৰ্বলৈ নামাতিলেও অন্ততঃ বিয়াত নিশ্চয় নিমন্ত্ৰণ দিব বুলি আশা কৰি আছিলো ।মানৱক সাবটি ধৰিয়েই কৈছিলো তোমালোকৰ আঙুঠি পিন্ধোৱা পৰ্ব হৈ যোৱাটো গম পালো মোক নামাতিলা বাৰু কিন্তু বিয়াখনো গ'ল নেকি মোক নমতাকৈ ? মানৱ হঠাতে যেন ম্লান হোৱাৰ দৰেই হ'ল আৰু ক'লে খুৰা আপুনি একো গম পোৱা নাই নেকি ? মই কৈছিলো নাইটো মই একেবাৰে একো নাজানো তোমালোকে বিয়াত মাতিবলৈ যাব বুলিয়েই ভাবি আছিলো তাৰ মানে মোক বিয়াতো নিমন্ত্ৰণ নিদিলা ! মানৱে হঠাতে মোৰ হাতৰ পৰা ফলিখন টানি নি ক'লে খুৰা সেইবোৰ বহুত কথা মই আপোনাক মুখেৰে ক'বলৈ টান পাইছো । আমাৰ বিয়াখন নহ'ল নহয় তাই আন এজনৰ লগত পলাই গুচি গ'ল । কথাটো শুনিবলৈ পাই মই হতবাক হৈ পৰিছিলো ।আৰু কৈছিলো কি কোৱাহে মানৱ কথাটো সত্য নে মোৰ লগত ধেমালি কৰিছা ? মানৱে বৰ দুখৰে কৈছিল নহয় খুড়া সত্য হয় ।মই নিজকে নিজে বিশ্বাস কৰিবলৈ টান পাইছিলো কেনেকৈ সম্ভৱ হ'ব পাৰে বাৰু ইমান দিনৰ প্ৰেমৰ অৱসান আঙুঠি পিন্ধোৱা পৰ্ব ৰ পিছত কেনেকৈ শেষ হ'বলৈ পাৰে আৰু কেনেকৈ বেলেগ এজনৰ লগত পলাই যাবলৈ পাৰে । নানা প্ৰশ্নই মোৰ মনত ক্ৰিয়া কৰিছিল । মানৱে কৈছিল- খুড়া ঘাঁ টুকুৰা শুকুৱাই নাই বাদ দিয়ক খুড়া আপোনাক কথাটো ক'বলৈ মোৰ ভাল লগা নাই । আপুনি ভালে আছেনে খুড়া ?? মানৱে যদিওবা কথাটোৰ পৰা ফালৰি কাটিব খুজিছিল যদিও মোৰ মনটোত অলপো ভাল লগা নাছিল । এইয়াই জানো প্ৰেম নে অন্ধ এই প্ৰেম !!দীৰ্ঘদিনীয়া এই প্ৰেমৰ ফল এনেকুৱা কেনেকৈ হ'ব পাৰে বাৰে বাৰে মোৰ মনত প্ৰশ্ন জাগিছিল । মানৱে কথাটো এৰাই আন পিনে গুচি গ'ল যদিও মোৰ মনত প্ৰশ্নটো আহি থাকিল কাৰ লগত পলাই গ'ল যিটো কথা মানৱে মোক নক'লে হয়টো ক'বলৈ টান পালে । আমি ইতিমধ্যেই নাটকৰ প্ৰদৰ্শনী চাবলৈ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিলো । জীয়ৰী প্লাৱিতাই কথাটো শুনিছিল আৰু তায়ো আচৰিত হৈছিল কাৰণ তায়ো মানৱ আৰু দিতিমনিক ভালদৰে জানিছিল আৰু সিহঁতৰ আঙুঠি পিন্ধোৱা পৰ্ব হোৱাটো জানিছিল ।তাই হয়টো তলে তলে কথাটো অলপ জানিছিল দিতিমনি যে বেলেগৰ লগত গুচি গৈছিল । আমি জিলা পুথিভৰালৰ পৰা নাটক চাই আহি ঘৰ পাইছিলো যদিহে মোৰ মনত বাৰে বাৰে সিহঁতৰ দীৰ্ঘদিনীয়া প্ৰেমৰ কথাটো মনত আহি আছিল।

মানৱ কাশ্যপ আৰু দিতিমনি নামনি অসমৰ দুখন প্ৰায় ওচৰা ওচৰি গাওঁৰ ল'ৰা-ছোৱালী আছিল আনহাতে দুয়োজনৰ দেউতাকৰ মাজতো ভাল চিনাকি আছিল যদিও তেওঁলোকৰ চিনাকি আৰু প্ৰেম চচিয়েল মিডিয়াৰ জৰিয়তে হোৱা বুলিয়েই আমি জানিছিলো । এটা ভাল সম্পৰ্ক হৈছিল দুয়োজনক মই ভালদৰেই জানিছিলো যদিও তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথা কাকো সোধা নাছিলো কাৰণ উভয়ে ক'লা বিষয়ত স্নাতক আছিল আৰু দুয়োজনে ভালদৰে লিখা মিলাও কৰিছিল আৰু এতিয়াও হয়টো কৰে । কিন্তু তেনেকুৱা এহাল প্ৰেমিক প্ৰেমিকাৰ মাজৰ এই ঘটনাই মোৰ মনত বৰকৈ ক্ৰিয়া কৰি আছিল ।
পিছদিনা আমাৰ ঘৰলৈ মোক লগ পাবলৈ দুজনী বাই ভনীয়েক আহিছিল । কথা প্ৰসংগত তেওঁলোকৰ আগত মানৱ আৰু দিতিমনি কথা ক'লো । তেওঁলোকে কথাটো বৰ ভালদৰে জানিছিল আৰু মোক কৈছিল-
- বৰদেউতা আপুনি বাৰু ইমান দিনে জানা নাছিল নেকি দিতিমনি যে ওপৰ অসমৰ এজান বিবাহিত তথা এটা সন্তান থকা মানুহলৈ পলাই গৈছে ! মই কথাটো শুনি আচৰিত হৈ গৈছিলো আৰু কৈছিলো -
- কি কোৱা তোমালোকে কথাটো সত্য নে বাৰু ?
         তেওঁলোকে হয় বুলি কৈছিল আনকি যিজন মানুহৰ লগত পলাই গৈছে তেওঁৰ চবিটোও মোক দেখুৱালে । মই কথাখিনি শুনি আৰু চবি দেখি এনেকুৱা লাগিছিল সচাকৈয়ে প্ৰেম অন্ধ নে অন্ধ প্ৰেম ? বৰ্তমান চচিয়েল মিডিয়া ফেচবুক হোৱাট এপ আদিৰ বাবেই এনেকুৱা অন্ধ প্ৰেম হ'বলৈ ধৰিছে নে প্ৰেম অন্ধ হৈ পৰিছে নিজকে প্ৰশ্ন কৰিবলৈ লৈছো । অতীত যদিওবা এনেকুৱা ঘটনা কৰবাত হৈছিলো আমি হয়টো একো খবৰ পোৱা নাছিলো কিন্তু বৰ্তমান যিকোনো সৰু ডাঙৰ ঘটনা বা অঘটন আমি মিডিয়াৰ জৰিয়তে জানিবলৈ পাৰিছো ।
        দিতিমনিয়ে এজনী শিক্ষিত ছোৱালী হৈ যিটো কাম কৰিলে এই ক্ষেত্রত আমি ক'বলৈ বাধ্য হৈছো যে দিতিমনিৰ এই প্ৰেম সচাকৈয়ে অন্ধ প্ৰেম