(এক)
ধাৰাষাৰে এজাক বৰষুণ নিগৰিছে৷
মানুহবোৰে হঠাতেই অহা এই বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ বুলি দৌৰা দৌৰিকৈ ওচৰৰ বাচ ষ্টপটোত আহি সোমাইছেহি ৷
মইয়ো আহি মানুহবোৰৰ লগতে সোমালোহি৷
এনেকুৱা বতৰত এই সময়ত চিগাৰেট এডালৰ খুৱেই প্ৰয়োজন ৷
পিছে এতিয়া পকেটত চিগাৰেট থাকিলেও টানিব নোৱাৰিম ৷ কিয়নো ৰাজহুৱা স্থানত ধুমপান কৰা নিষেধ ৷
চেহ.... বাচ ষ্টপত ঠিয় হৈ থকা মানুহবোৰৰ ফালে এনেই চকু ফুৰালো ৷
এঠাইত দুচকু স্থিৰ হৈ ৰ'ল ৷
এখন সৰলতাৰে ভৰা মুখ ৷ খুৱ সম্ভৱ ২৯-৩০ বছৰীয়া এগৰাকী মহিলা ৷
মানুহগৰাকীক ভালদৰে লক্ষ্য কৰিলো ৷
নিজৰ কমনীয়তাবোৰ ঢাকিব নোৱাৰা এখনি পাতল বগা শাৰী পিন্ধিছে ৷ তেওঁ বাৰে বাৰে নিজৰ কমনীয়তা আবুৰকণ ঢাকিবৰ বাবে নিজৰ শাৰীৰে সমগ্ৰ দেহত মেৰিয়াই লৈছে ৷ অথচ বাৰে বাৰে খহি গৈছে ৷
নাচাওঁ বুলিও বাৰে বাৰে চকু গৈছে ৷
- কি চাইছে ইমানকৈ আপুনি মাক ?
উচপ খাই উঠিলো হঠাত্ কাৰোবাৰ মাতত ৷
মাতষাৰি অনুসৰণ কৰি পাছলৈ ঘুৰি চাই দেখিলো এগৰাকী ১০-১২ বছৰীয়া মৰমলগা ছোৱালী ৷
অলপ অসহজবোধ কৰিলো সৰু ছোৱালীজনীৰ প্ৰশ্নত ৷
- নাই একো চোৱা নাই নহয় ৷
- অ '৷ মালৈ তেনেকৈ চাই নাথাকিব ৷ মায়ে বেয়া পায়৷
মই একো মাতিব নোৱাৰিলো ৷
(দুই)
বাহিৰত ধাৰাসাৰ এজাক বৰষুণ নিগৰিছে ৷ বিচনাখনৰ পৰা উঠি আহি খিৰিকীখন মেলি দিলো ৷ এজাক বৰষুণৰ চিটিকণিয়ে স্বাগতম জনালে৷
মনত এক শিহৰণ জাগি গ'ল ৷
পুনৰ সেই আগৰ ২৪ বছৰীয়া সফল ডেকা অনুৰাগলৈ ঘূৰি গ'লো ৷
……কলেজৰ সেই সময়ৰ আটাইৰে প্ৰিয় অনুৰাগ গগৈ ৷
"বৰষুণত তিতি, নেমেলি চাতি…
দুহাত মেলি আকাশ চুব খুজি
টোপাল টোপাল পৰশত
ভাল লগা ল'ৰালিক আনো পুনৰ মাতি ৷"
কথাই কথাই কবিতাৰ পংক্তি আওৰুৱা অনুৰাগৰ জীৱনলৈও এদিন এজাক বৰষুণ আহিছিল ৷
মানে সেই সময়ৰ অনুৰাগৰ জীৱনলৈ ৷ সেই সময়ৰ অনুৰাগ আৰু আজিৰ অনুৰাগৰ জীৱনৰ বৰষুণজাকৰ মাজত আকাশ পাতাল প্ৰভেদ ৷
কিয়নো সেই সময়ৰ অনুৰাগ জীৱনৰ প্ৰেৰণা হৈ ৰোৱা বৰষুণজাক অৰ্থাৎ পৰিস্মিতা কাকতি আজি স্মৃতি মাথো অনুৰাগ গগৈৰ বাবে ৷
অনুৰাগৰ ছন্দহীন জীৱনৰ লগত ৪৫ টা বসন্ত একেলগে পাৰ কৰি তাই বৰষুণ এজাক হৈয়েই আঁতৰি গ'লগৈ ৷ আজিৰ ৭৯ বছৰীয়া অনুৰাগ অৰ্থাৎ মোৰ বাবে
এই আবেলিৰ বৰষুণজাকত যেন তেওঁ স্থিতিৰ সম্ভেদ আকৌ এবাৰলৈ বুলি কঢ়িয়াই আনিছে ৷
ক'ব নোৱাৰাকৈয়ে কথাবোৰ ভাবি দুটোপাল চকুলো মোৰ দুহাতত থকা ফটো ফ্ৰেমখনত আৱদ্ধ হৈ ৰোৱা পৰিস্মিতাৰ মুখখনিতেই সৰি পৰিল ৷
মই মচি চাফা কৰি পৰিস্মিতাৰ ফটোখনি বুকুত সাৱটি ল'লো ৷
(তিনি)
- মই বৰষুণ বেয়া পাওঁ বুজিচা ৷ এই বৰষুণজাক আহিলে মানে বৰ আমনিদায়ক হয় পৰে দিনবোৰ ৷ একো এটা কাম নহয় ৷ বিৰিণাই মোলৈ বুলি চাই ক'লে ৷
তাই এনেকৈ ক'লেও মই জানো যে তাইৰো এটা সময়ত এই বৰষুণজাক প্ৰিয় আছিল ৷ পৰিস্থিতিৰ কৰাল গ্ৰাসত বুলিও ক'ব পাৰি অথবা প্ৰতাৰণাৰ প্ৰতিফল বুলিও কব পাৰি বিৰিণাৰ এই বৰষুণ বেয়া পোৱাৰ কাৰণক ৷
কলেজীয়া দিনৰে পৰা স্বাভিমানী ছোৱালীজনী অৰ্থাৎ সেই কলেজীয়া সময়ৰ বিৰিণা বৰুৱা আজিৰ বিৰিণা বৰুৱা গগৈতকৈ বহুত বেলেগ আছিল ৷ বৰষুণত তিতি প্ৰিয় কবিৰ কবিতাৰ পংক্তি আওৰাই ভাল পোৱা, প্ৰতি কথাটেই নিজৰ স্বাভিমানীতাৰ পৰিচয় ডাঙি ধৰা বিৰিণাজনীৰ জীৱনলৈও প্ৰেম আহিছিল ৷ তাই প্ৰেমৰ সেই বৰষুণজাকত নিজকে সম্পুৰ্ণ নুৱাই পেলাইছিল ৷ কিন্তু তাইৰ স্বাভিমানক এদিন আঘাট কৰি তাই প্ৰেমাস্পদে তাইক প্ৰতাৰণা কৰিলে ৷
তাই সম্পুৰ্ণৰূপে ভাগি পৰিল ৷
কিন্তু তাইৰ ভাঙি পৰা হৃদয়খনক আকৌ এবাৰ আঘাট কৰি তাইৰ ঘৰৰ মানুহে তাইৰ অমতত মোৰ লগত বিবাহ ঠিক কৰিলে ৷
তাইও পৰিস্থিতিৰ ওচৰত নিজকে হাৰ মানি মোৰ লগত সংসাৰ আৰম্ভ কৰিলে ৷
বহু সময় পাৰ হৈ গ'ল ৷ কিন্তু বিৰিণাই নিজকে সম্পুৰ্ণ সলাই পেলালে ৷ বৰষুণত তিতি প্ৰিয় কবিৰ কবিতাৰ পংক্তি আওৰাই ভালপোৱা ছোৱালীজনীয়ে বৰষুণ বেয়া পোৱা হ'ল ৷ কবিতাৰ পংক্তি আওৰাবলৈ বেয়া পোৱা হ'ল ৷ নিজৰ বেদনাবোৰ নিজতেই সীমাবদ্ধ কৰি ৰখা হ'ল ৷
এই কথাবোৰ আমাৰ বিবাহৰ প্ৰায় তিনিবছৰৰ পাচতহে মই গম পালো ৷
আচলতে, এদিন নিজৰ শোৱা কোঠালিটো চাফা কৰোতেই আলমিৰাটোৰ তলত এটা পুৰণি বাকচৰ ভিতৰত বিৰিণাৰ পুৰণি ডায়েৰী এখন মোৰ হাতত পৰিছিল ৷ মই সেইখন পঢ়ি বিৰিণাৰ সকলো কথাই গম পালো ৷
সকলোবোৰ জানিও মই আজিও তাইক এই বিষয়ত একো সোধা নাই৷ একো নজনাৰ অভিনয় কৰিছো ৷ আজিও ব্যতিক্ৰম নহয় ৷ বৰষুণজাক আহিছে৷ বিৰিণাই বৰষুণজাকক উদ্দেশ্যে কথাবোৰ কৈছে ৷ মইও একো নজনাৰ ভাও জুৰি নীৰৱে মাথো বিৰিণাক সমৰ্থন জনালো ৷








