অৱনৰীৰ পাৰৰ আধৰুৱা ঐনিতম আৰু ছাই আপং এবাটি (ৰুদ্ৰ সিংহ মটক)

তোমাৰ ওঁঠৰ ঐনি:তম

এফাকি


সেয়া যেন জ্বলি উঠা সুৰৰ

সোণ নহয়

মোৰ দ' পথাৰত হালি-জালি

হাঁহি থকা সোণোৱালী বাওধান এডৰা

তোৰ লাহি, হেঁপাহৰ হাতেৰে

যোৱা ৰাতি ছাকি থোৱা

ৰহৰহীয়া

ছাই আপং এবাতি

কাংকান ঐ

হাল-কোৰ সামৰি

দূৰৰ পথাৰৰ পৰা ঘূৰি অহা মোৰ

দুখ আৰু ভাগৰৰ প্ৰিয়

পানীয় সেয়া

হৃদয়তলিত নিগৰি জমা হোৱা

যেন যৌৱনৰ প্ৰেমৰস

জীয়া জীৱনৰ দুৰ্লভ এচামুছ মৌ

ছিগা-চিমেন- জলকীয়া সুঁতি

থকবক্ জীয়াঢল সাঁতুৰি পাৰ হৈ

কাংকান মোৰ ঐ

ফুলমণি-ডগনে- ডালিমী

লাহতী ঐয়াওহঁতৰ স'তে

তই পলাই

ঢপলিয়াই আহ

সেই মূৰ্কং আৰু ৰূপৰ জোনাকৰ চহৰ জোনাইৰ পৰা

কঁহুৱা ফুল ফুলি থকা মোৰ এই

প্ৰাচীন অৱনৰিৰ পাৰলৈ

চাচোন চা কাংকান

প্ৰেম-আপঙৰ ৰাগিত ৰৈ-মতলীয়া

পকা-থেকেৰা জোনটোৱে

কেনেকৈ হাঁহিছে

নাচি থকা কঁহুৱাণি ডৰাৰ

আঁৰত

কনেং ঐ

তই আকৌ এবাৰ গা অ'

তোৰ উঠা-নমা বুকুৰ ভাঁজত

ৰি:বি-গাছেং ৰ'দৰ ফুটুকী পখিলা

এজাক

প্ৰেম-জোনাকৰ ঢৌ তুলি তুলি

শিলৰ বুকুৰ মণিক জ্বলাই

ভৰ যৌৱনৰ সেই

ধুনীয়া ঐনি:তমবোৰ

মই ঘুণা সুঁতিৰ প্ৰেমিক ডেকা, পাহোৱাল জংকি

গুমৰাগ নাচি পাগল হওঁ আকৌ এবাৰ

প্ৰেমৰ বৰবিহ এটুপি গিলি

অৱনৰীত জাপ দিওঁ উছৱৰ এই

বিৰহী ৰাতি

শুনিছো উভতনি সোঁতৰ

মৃত্যু গৰ্জন, শিলে-পাহাৰে ঠেকা খাই

থকবক্ হেজাৰ চাকনৈয়া, তথাপি

ভয় নাই একো

আশা মোৰ, জানোচা

প্ৰাণৰো প্ৰাণৰ সাতো জনমৰ

লগৰী, সাদৰী পানেইক

বিচাৰি পাওঁ ।