এঋতু শীত (অনিন্দিতা পৰাগ ডেকা)


(১)


সপোনবোৰ দেখি ভালেই লাগে


নিয়ৰসনা নিশাৰ ভাঁজত

উচুপনি হৈ সৰে ৷

(২)


মই বেলি হ'লে

তোমাক ৰ'দ দিম অনুভৱ,

বিনিময়তত

তুমি মানুহ হৈ

মোক দিব লাগিব

এসাগৰ বিশ্বাস !


(৩)


সাগৰ আৰু ৰ'দ

সপোনতকৈ বিশ্বাসী

অনুভৱ !!

ঠিকনাঃ হেঙেৰাবাৰী , গুৱাহাটী -৩৬ ৷