মই প্ৰেমিক হৈ পৰিছিলো নেকি (মণ্টু বৰুৱা)

        মই প্ৰেমত পৰিছিলো নেকি ? সৰাপাত গছকি তেওঁ মোৰ বুকুত ধান বানিছিল । বুকুৰ মৰমবোৰ জাগি বগুৱা বাই উঠিব বিচাৰিছিল তেওঁৰ বুকুত । সময়বোৰ ৰঙীণ সপোনবোৰে ভৰাই তুলিছিল । লাহে লাহে ভাল লগা হৈ আহিছিল প্ৰেমৰ গানবোৰ । মোৰ বেসুৰা কণ্ঠই নিজানত গুণগুণাইছিল প্ৰেমৰ গান । সাজু হৈছিলো তেওঁৰ বাবে জীৱনটোও এৰি পেলাবলৈ । নিবুকা মইটো সলনি হৈছিলো । লাজ-কাজ এৰি মই ম'বাইলত বজাইছিলো ৰোমাণ্টিক গানবোৰ । আইয়ে হয়তু বুজিছিল মই সলনি হৈছো । ভাল লগা হৈছিল বহল আকাশখন, নৈৰ গৰাটো । সেউজীয়া হৈ উঠিছিল হৃদয়খন । ফাগুণৰ ধূলিয়ৰি বাটত ধূলিৰ সৈতে খেলিছিলো । মোৰ ফুলনিৰ পখিলাৰ লগত কথা পাতিছিলো তাই যেন পখিলা নহৈ মোৰ হৃদয়ৰ ৰাণীহে । অসম্ভৱবোৰ সম্ভৱ হৈ গৈ আছিল । সকলো সময়তে তেওঁকেই দেখিছিলো । অভিমান কৰিবলৈ শিকিছিলো । হাজাৰ আঘাতকো নিৰবে সহিব পৰা হৃদয়খন অকণমান কথাতে উচুপিছিল হঠাৎ মোৰ হৃদয়ৰ অনুভৱবোৰ হেৰাই গ'ল । হাজাৰ চেষ্টা কৰিও মনত পেলাব নোৱাৰা হ'লো মোৰ প্ৰিয় প্ৰেমৰ গানবোৰ । ভাল নলগা হৈ আহিল প্ৰেমৰ গানবোৰ । সময়বোৰ নাযায় নুপুৱাই হৈ আহিল । হেপাঁহেৰে অঁকা ৰঙীণ সপোনৰ ছবিত নিজেই কটাকটি কৰি ক'লা কৰি দিলো । অপ্ৰাপ্তিত মই ধৰফৰাই উঠিছিলো । উভতিবও নোৱাৰো আগৰটো হৈ । আগুৱাবও নোৱাৰো এতিয়াটো হৈ । বদলাই পেলালো ক'লা কৰা ৰঙীণ সপোনবোৰ । জীৱনটো আকৌ নকৈ সজাব ধৰিলো টুকুৰা কৈ ভঙা সপোনবোৰ লৈ । এতিয়া হৃদয়ে কেতিয়াবা সোধে প্ৰেমত পৰিছিলো নেকি মই ? তোমাৰ, গছৰ, নৈৰ । নিশ্চুপ হৈ ৰয় । কিবা কম বুলি ভাবিও নিমাত হৈ ৰয় সকলো ৷