পিতাই অ' তোৰ দুখ দেখি মোৰ হৃদয়ে উচুপি উঠে....
মলিয়ন কামিজটোৰ তলত লুকাই থকা তোৰ বুকৰ কামিহাড় কেইডাল দেখি মোৰ কলিজাই হাঁহাকাৰ কৰি উঠে জান'...
আমাক মানুহ হিচাপে গঢ়ি তুলিবলৈ তই কৰা অশেষ কষ্টৰ মূল্য মই আজিও তোক দিব পৰা নাই ।
মোক ক্ষমা কৰি দিবি পিতাই...
তই চাগে এতিয়াও পথাৰত আধি মাটি বিছাৰি ফুৰিছ.,
আমাক সুখত ৰাখিবলৈকে বেলেগৰ ঘৰত হালোৰা খাটিছ ।
তই আৰু কষ্ট নকৰিবি পিতাই আমি ডাঙৰ হ'লো নহয় এতিয়া...
বেলেগৰ দৰে তোক খুৱাব পিন্ধাব নোৱাৰিলেও তোক এতিয়া আনৰ ঘৰত হালোৱা খাটিব নিদিওঁ ।
আইৰ শেঁতা পৰা মুখখন দেখিলে তোৰ যে বুকুত শোঁকে খুন্দা মাৰি ধৰে সেইয়া তই নক'লেও মই বুজি পাওঁ ।
শাওণৰ পখৰ ৰ'দত আনৰ পথাৰত মাটি ৰুই আহোতে ৰ'দে পোৰা আইৰ মুখখনলৈ তইতো বাদেই মইও চাব নোৱাৰো জান'...
তোৰ চাগে এটাই দোষ মই জানো দে...
হোম'ৰ জুইক সাহ্মী কৰি তই আইক সদায় সুখত ৰাখিবি বুলি যি প্ৰতিশ্ৰুতি দিছিলি সেইয়া পুৰাবলৈ তই আজি অসমর্থ ।
দুখ নকৰিবি অ' আইৰ মনতো কোনো আক্ষেপ নাই জান'...
তোৰ সুখতেই সুখী হোৱা সেই নিৰক্ষৰ মানুহজনী সঁচাই কি অসীম সাহসৰ অধিকাৰী ।
কিতাপৰ শিহ্মাৰ পোহৰ নোপোৱা সেই নিৰক্ষৰ মানুহজনী কিন্তু মোৰ মানত সকলোতকৈ উচ্চ আৰু জ্ঞানী ।
মোক জীৱনৰ আদিপাঠ সেই নিৰক্ষৰ মানুহজনীয়েই শিকাইছিল।
নৈতিক শিক্ষাৰ প্ৰলেপ মোক সেই সাধাৰণ মানুহজনীয়েই দিছিল ।
পিতাই অ' তই দুখ নকৰিবি মই চাকৰি এটা পালেই তোক নতুন কাপোৰ পিন্ধাম আনৰ দৰে তইও বুকু ফিন্দাই বেলেগৰ আগত কবি মোৰ ল'ৰাই চাকৰি কৰে ।
তই চিন্তা নকৰিবি মই চাকৰি এটা পালেই চহৰত গৈ তোৰ পুৰণা বেমাৰটো দেখুৱাম গৈ । আমাক আনন্দ দিবলৈ গৈ তই নিজকে বহুত কষ্ট দিলি অ" এতিয়া চাগে সেইবাবেই ৰাতিৰ বিছনাত পৰি কেকাই থাক' ।
পিতাই তই দুখ নকৰিবি আমাৰ পঢ়াৰ নামত বন্ধকত ৰখা মাটি কেইডৰা মইয়ে এদিন খুলিম ।
তই চিন্তা নকৰিবি এজাক বৰষুণ দিলেই যে আমাৰ বৰঘৰৰ মজিয়াত চৰিয়া পাতিছিলি সেই দিনো মইয়ে নাইকিয়া কৰিম । তই পূৱা গধূলি নাম গাবলৈ মই এটা ধুনীয়া গোঁসাই ঘৰ সাজি দিম...
পিতাই অ' এহাল মণিপুৰীয়া গৰুৱে আধি মাটি চহাবলৈ থকা তোৰ মনৰ হেঁপাহতো মই এদিন পূৰণ কৰিম । তই দেখোন বুঢ়াই হলি এতিয়া পাৰিবি জানো হাল বাবলৈ ।
নালাগে দে তই এতিয়া হাল বাব 'এতিয়া তোৰ জিৰণি লোৱাৰ বয়স । তই এতিয়া কেৱল জিৰণি ল' । এতিয়া সময় কেৱল আমাৰ ।
তই সদায় আমাক আর্শীবাদ কৰিবি পিতাই তোৰ আশাবোৰ যেন পূৰাব পাৰো ।
তোৰ আর্শীবাদৰ বাদে আন একো নালাগে অ' পিতাই ।








