মই সপোন দেখিছিলো
হাতত হাত ধৰি আগুৱাই যোৱাৰ
জীৱন বাটৰ বিপদ জিনাৰ
বিশ্বাসেৰে ভৰা এখন সেউজীয়া ঘৰ সজাৰ
তোৰ সপোনবোৰৰ লগত মোৰ সপোনবোৰ
যোগ কৰি কেতিয়াবা বিয়োগ কৰি
সপোনবোৰ আমাৰ সপোন কৰি লৈছিলো
সপোনবোৰক দিঠক দেখুওৱাৰ হেঁপাহত
দিনে নিশাই ডেউকা কোবাইছিলো
তোৰ হাতত ধৰি জীৱনৰ বাট বুলিছিলো
হঠাতে এজাক ধুমুহা আহি
সপোনবোৰতো উৰুৱাই নিলেই
লগতে লৈ গ'ল মই বিশ্বাসেৰে
খামুচি থকা তোৰ হাতখনো
যি দুখন হাতেৰে সুখ সাবটিবলৈ বুলি
মই মেলি দিছিলো
সময়ে তাত উপহাৰ দিলে
মাথো এক সমাধি
মোৰ আশাৰ,মোৰ সপোনৰ........ ৷
হাতত হাত ধৰি আগুৱাই যোৱাৰ
জীৱন বাটৰ বিপদ জিনাৰ
বিশ্বাসেৰে ভৰা এখন সেউজীয়া ঘৰ সজাৰ
তোৰ সপোনবোৰৰ লগত মোৰ সপোনবোৰ
যোগ কৰি কেতিয়াবা বিয়োগ কৰি
সপোনবোৰ আমাৰ সপোন কৰি লৈছিলো
সপোনবোৰক দিঠক দেখুওৱাৰ হেঁপাহত
দিনে নিশাই ডেউকা কোবাইছিলো
তোৰ হাতত ধৰি জীৱনৰ বাট বুলিছিলো
হঠাতে এজাক ধুমুহা আহি
সপোনবোৰতো উৰুৱাই নিলেই
লগতে লৈ গ'ল মই বিশ্বাসেৰে
খামুচি থকা তোৰ হাতখনো
যি দুখন হাতেৰে সুখ সাবটিবলৈ বুলি
মই মেলি দিছিলো
সময়ে তাত উপহাৰ দিলে
মাথো এক সমাধি
মোৰ আশাৰ,মোৰ সপোনৰ........ ৷







