তুমি আহা এটি সুৰ হৈ (মৃণ্ময় বাগীশ)

যদি তুমি আহা এটি সুৰ হৈ

শৰতৰে জোনালী ৰাতি

যদি তুমি আহা এটি সুৰ হৈ

মনৰ আকাশত পুৱতি তৰা গনি

যদি তুমি আহা এটি সুৰ হৈ

পাহাৰৰে ঝৰণা হৈ

বুকুৰে বৈ গৈ পৰিবলৈ প্ৰেমৰ সাগৰত

আন্ধাৰতে, জোনাকতে তুমি আহা

এমুঠি জোনাকী লৈ

মোৰ কাষতে ৰৈ খেলিবলৈ

সোঁৱৰণী দুভাগ ৰাতি ৷

ঠিকনাঃ ফিলবাৰী, তিনিচুকীয়া
Email:- pankajrajbonshi8@gmail.com
M:- 9854668744,9859716577