৩০ অক্টোবৰ (সৌৰভ ৰণ কলিতা)

৩০ অক্টোবৰ তুমি দুনাই নাহিবা

সোণৰ অসমক তেজেৰে ৰাঙলী কৰিব

কেঁচা তেজৰ ফাকু নেখেলো আমি,

নালাগে আমাক হিংসা আৰু অশান্তি,

মহানগৰীত বোৱালা তেজৰ নদী

ক'ত যে গ'ল নিৰীহ লোকৰ প্ৰাণ

কি ভুল কৰিছিল তেওঁলোকে

এবাৰো ভাবি নাচালা,

অসমৰ আকাশত আজি দেখোন

বাৰুদ, পোৰা মঙহৰ গোন্ধই চানি ধৰিছে

কেউফালে দেখো চকুলো মাথো চকুলো

সেয়েহে আজি ক'ব বিচাৰো

৩০ অক্টোবৰ তুমি দুনাই নাহিবা ৷

(২০০৮ চনৰ ৩০ অক্টোবৰত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত)