কবিবোৰ (দিপাংকৰ বৰুৱা)

কবিবোৰ মানুহ নহয়,


কবিবোৰ কবিতা নহয়।

কবিবোৰ বোঁৱতী এখন নৈ 

অাকাশ, আকাশ আৰু আকাশ

বতাহ,

সাগৰ,

কবিবোৰ মৰুভূমিৰ বৰষুণ

কবিৰ ঠিকনা…?

কবিবোৰ অঘৰী মেঘ, আৰু নৈৰ দাঁতিৰ কঁহুৱা

গাভৰুৰ বুকুৰ হালধীয়া ঋতু

কবিবোৰ দুপৰ নিশাৰ অকথ্য কথোপকথন

কবিবোৰ নোগোৱা এটা গান

গেঁৰ ধৰা পথাৰ ধান ।

ঠিকনাঃ স্নাতক শাখাৰ ছাত্ৰ

অসমীয়া বিভাগ
নৰ্থ লখিমপুৰ কলেজ