ক্ৰন্দন (ৰীতা হাজৰিকা দাস)

শুনো কি নুশুনো ৰিণি ৰিণি তোৰে মাত

প্ৰাণৰে চতুৱা চাতক আহি খুন্দা মাৰিলিহি

জুৰ নপৰে, মধুময় সুৰে, সুধীৰ কণ্ঠই

তৃষ্ণা পলোৱা তই..... ?

কাৰে হিয়াত আজি ?

জীৱনৰ মৰণৰ কতবোৰ যে সপোন

তাতেই সুপ্ত হৈ থাকিল

ভাবিবকেই নোৱাৰি

সকলোবোৰেই যেন এক অচিন

প্ৰাণ, দেহ, মন

সকলোৱেই এক বিকলাঙ্গ ।

দূৰ দূৰণিৰ পৰা দেখিবা- অলকানন্দা,

সুন্দৰৰ সঁফুৰা বাগৰা,

নাই.......

আছে মাথো চাৰিওফালে

বিষাদৰ  ছা ঁ!

এক বৃত্ত

কোঢ়াল শব্দ ! ভণ্ডামিৰ !

আজি মই আদৰো নীৰৱতাক

আহিবা নে নীৰৱতা

আহা তুমি নীৰৱতা আগবাঢ়ি !

তোমাৰ উঠন বুকু ডাঠ কৰি

যদিও ঘটিব পাৰে বিপ্লৱৰ বিযোগী

অস্ত্ৰ নেভেদি বুকুৰ তেজেৰে সাহস গোটাই

বোৱাই দিয়া এক

বিশাল নদী সকলোকে এক কৰি

কুৰূপৰ ভেশছন ধৰি

সঁচা-মিছাৰে দন্দ্ব এৰি

সৃষ্টিত থাকা নিজেই নিজক শান্ত কৰি।

ফুলি উঠিব ভাগ্য

তেহে আলোকেৰে ব্যাকুল হৈ ৰ'ব!

দুচকুত জ্বলি উঠিব খোজা

সকলোৰে

ভৱিষ্যতৰ -উল্লাসৰ

আৱেগ বোৰ,

আশাবোৰ ,

আনন্দ বোৰ।
ঠিকনাঃ দুলীয়াজান
৯৯৫৪৩৯৪৬৪৮.