এটি নতুন দিনৰ সূৰ্য (মীৰা দত্ত)

এটি নতুন দিনৰ সূৰ্য

নতুন পোহৰে দিলেহি

নতুন দিনৰ প্ৰত্যাশা

অতীতৰ দিনবোৰ হ'ল সোঁৱৰণী 

নতুন আশাৰে কঠিয়া সিঁচিছোঁ,

সূৰুযৰ ফালে চাই চাই 

সূৰ্য মুখীৰ মিঠা হাঁহি 

কাণে কাণে কৈ যায়

দেহত জাগিছে এক নতুন স্পন্দন !

মন মণিকোঠত ভাঁহি উঠিছে 

সোণালী শৈশৱ !

চাৰিওকাষে সিক্ত হৈছে 

প্ৰভাতী পক্ষীৰ গীতত 

ৰং বিৰংৰ ফুলবোৰ সিঁচি দিম

গাঁথিম জয়ৰ মালা!

নতুন অঙ্গীকাৰেৰে আগুৱাই বুটলিম

জীৱনৰ অমিয়া ।

প্ৰগতিৰ বাটত অক্লান্ত পক্ষী হৈ

বিলাম জ্ঞানৰ জ্যোতি 

সূৰুযে সজোৱা আকাশৰ দৰে

দৃষ্টি থাকিব যিমান দূৰলৈ ।