শেৱালি (অনামিকা কলিতা)

শেৱালি ফুলে কঢ়িয়াই আনে শৰতৰ বতৰা

শৰতৰ নিশা শেৱালিৰ স্নিগ্ধ সুবাসত

চৌদিশ আমোল-মোল


স্নিগ্ধ ঠাই বোৱাই আনে ধৰালৈ

পবিত্ৰতা আৰু নিৰ্মল মানসিকতা

পুৱতি নিশা শেৱালি পাহ কোমল নিয়ঁৰত

সৰি লেৰেলী যায়

তথাপিও তাৰ সুবাসে চৌপাশ আলোড়িত কৰে

শেৱালি! আহ কি শান্ত, কি স্নিগ্ধ

এইবোৰৰ মাজত লুকাই আছে শেৱালিৰ বেথাভৰা কাহিনী

এদিনৰ বাবে সুবাস বিলাই হৈ পৰে মূল্যহীন ৷