পৃথিৱীয়ে আজি আহি
মোক প্ৰশ্ন কৰে
ভালপোৱাবোৰ নাথাকে
কিয় ঘৰে ঘৰে?
প্ৰেমৰ কবিও আজি কিয়
লুকাই লুকাই কান্দে
বিষাদ ভৰা কবিতাই
আজিও কিয় আশা কৰে?
হৃদয়ত জ্বলি থাকে
অতীতৰ মধুৰ স্মৃতি
তথাপিও আজি কিয়
ভালপোৱাত ৰাজনীতি
প্ৰশ্নতেই উত্তৰ
আৰম্ভণিতেই শেষ
ভালপোৱাই বিষাদৰ
অপাৰ ছদ্মবেশ৷
ঠিকনা: কাজিৰঙা
মোক প্ৰশ্ন কৰে
ভালপোৱাবোৰ নাথাকে
কিয় ঘৰে ঘৰে?
প্ৰেমৰ কবিও আজি কিয়
লুকাই লুকাই কান্দে
বিষাদ ভৰা কবিতাই
আজিও কিয় আশা কৰে?
হৃদয়ত জ্বলি থাকে
অতীতৰ মধুৰ স্মৃতি
তথাপিও আজি কিয়
ভালপোৱাত ৰাজনীতি
প্ৰশ্নতেই উত্তৰ
আৰম্ভণিতেই শেষ
ভালপোৱাই বিষাদৰ
অপাৰ ছদ্মবেশ৷
ঠিকনা: কাজিৰঙা







