মৰম......✍ ৰিদিপ সোনোৱাল

মনৰ দাপোনত
তোমাৰে ছবি লৈ
জীয়াব বিচাৰো
তোমাৰ মৰম লৈ
প্ৰতি পলে তোমাৰ সঁহাৰি
বিচাৰো জীৱনত
নাই কোনো অভিমান
তোমাৰ প্ৰতি
দুদিনীয়া সংসাৰত
ভালপোৱা মৰম বোৰ সিঁচি
জিনিব বিচাৰো
জগতৰ মাজত
স্মৃতি হৈ ৰওক
তোমাৰ বুকুত
হৃদয়ৰ একোণত সজীৱ হওক
এডোখৰ মঙহ হৈ
মৰম বোৰ জিলিকি থাকক
তোমাৰ বুকুৰ স্পন্দনত…।

✍ৰিদিপ সোনোৱাল
তিনিচুকীয়া
ফোন নং - ৮৭২১৮০৬৮৬১