কঁকাললৈকে বৈ পৰা
একোছা কিচকিচীয়া
ক'লা চুলিৰ ছোৱালীজনী,
ডাঠ এযোৰ চেলাউৰি থকা ছোৱালীজনী৷
ওঁঠৰ ঠিক অলপ ওপৰত
ক'লা মাহ এটা থকা ছোৱালীজনী
হায়াৰ ছেকেণ্ডেৰী তুমি
৯৪.৫% লৈ পাছ কৰিলা
গাৱঁ হায়াৰ ছেকেণ্ডেৰী এৰি
তুমি মহানগৰীৰ কলেজত এডমিচন ল'লা৷
সেই যে তোমাৰ মেঘালী চুলিকোছা
এটা নতুন হেয়াৰ কাট দি ষ্টেইট কৰি ল'লা,
চকুৰ চেলাউৰিও
থ্ৰেডিং কৰি ল'লা,
ওঁঠৰ ওপৰত থকা মাহটো
সেইটোও উঠাই ল'লা৷
গাৱঁ বোকা পানী এৰি
মহানগৰৰ যান্ত্ৰিকতাক
হৃদয়ৰত আঁকোৱালি ল'লা৷
ইমানলৈকেতো থিকেই আছিল
কিন্তু তুমি পাহৰি গ'লা
তোমাৰ মা-দেউতাৰ আশাবোৰ৷
আৰু
পাহৰি গ'লা তোমাৰ উচ্ছাকাংক্ষাবোৰক৷
তুমি প্ৰেমত পৰিলা
সকলোৱে জানে - "প্ৰেম এটি মিঠা অনুভূূূতি "
কিন্তু তোমাৰ প্ৰেমত নাছিল কোনো
সঁচা হৃদয় এখনৰ অনুভূূূতি
আজি প্ৰতাৰিত হ'লা তুমি৷
প্ৰতাৰিত হৈয়ো তুমি
আজি ভালদৰে জীয়াই থাকিব পাৰিলাহেঁতেন
কিন্তু তুমি কেনেকৈ থাকিবা
আজি যে তুমি মাতৃ হ'বলৈ ওলাইছা৷
এটা সময়ত গান, কবিতা আৰু অভিনয়
ভালপোৱা তুমি জনী
আজি জীৱনৰ বাটত হেৰাই গ'লা তুমি
ব্যস্ত মহানগৰীৰ বুকুত
ক্রমশ ………
একোছা কিচকিচীয়া
ক'লা চুলিৰ ছোৱালীজনী,
ডাঠ এযোৰ চেলাউৰি থকা ছোৱালীজনী৷
ওঁঠৰ ঠিক অলপ ওপৰত
ক'লা মাহ এটা থকা ছোৱালীজনী
হায়াৰ ছেকেণ্ডেৰী তুমি
৯৪.৫% লৈ পাছ কৰিলা
গাৱঁ হায়াৰ ছেকেণ্ডেৰী এৰি
তুমি মহানগৰীৰ কলেজত এডমিচন ল'লা৷
সেই যে তোমাৰ মেঘালী চুলিকোছা
এটা নতুন হেয়াৰ কাট দি ষ্টেইট কৰি ল'লা,
চকুৰ চেলাউৰিও
থ্ৰেডিং কৰি ল'লা,
ওঁঠৰ ওপৰত থকা মাহটো
সেইটোও উঠাই ল'লা৷
গাৱঁ বোকা পানী এৰি
মহানগৰৰ যান্ত্ৰিকতাক
হৃদয়ৰত আঁকোৱালি ল'লা৷
ইমানলৈকেতো থিকেই আছিল
কিন্তু তুমি পাহৰি গ'লা
তোমাৰ মা-দেউতাৰ আশাবোৰ৷
আৰু
পাহৰি গ'লা তোমাৰ উচ্ছাকাংক্ষাবোৰক৷
তুমি প্ৰেমত পৰিলা
সকলোৱে জানে - "প্ৰেম এটি মিঠা অনুভূূূতি "
কিন্তু তোমাৰ প্ৰেমত নাছিল কোনো
সঁচা হৃদয় এখনৰ অনুভূূূতি
আজি প্ৰতাৰিত হ'লা তুমি৷
প্ৰতাৰিত হৈয়ো তুমি
আজি ভালদৰে জীয়াই থাকিব পাৰিলাহেঁতেন
কিন্তু তুমি কেনেকৈ থাকিবা
আজি যে তুমি মাতৃ হ'বলৈ ওলাইছা৷
এটা সময়ত গান, কবিতা আৰু অভিনয়
ভালপোৱা তুমি জনী
আজি জীৱনৰ বাটত হেৰাই গ'লা তুমি
ব্যস্ত মহানগৰীৰ বুকুত
ক্রমশ ………







