অনুভৱৰ টোপোলা......✍ ৰমেন চাংমাই

কেঁচু ,কুমটিৰ চিঁ চিঁয়নিত ৰাতি নোপোৱায়
যিমানেই চিঁ চিঁয়নি বাঢ়ি যায়
সিমানেই ৰাতিৰ গভীৰতা গভীৰ হয়
নিৰ্জনতা আৰু নিঃসংগতাত উদ্ভাসিত হয়
মোৰ কবিতাৰ মধুময় ছন্দ

মতা কুকুৰাৰ ডাকত ব্ৰহ্মপুৱা নহয়
দিনৰ শেষত ৰাতি
ৰাতিৰ শেষত দিন
ই আহ্নিক গতিৰ ফল
সকলোৱে জানিবা নিশ্চয়

পৃথিৱীৰ প্ৰতিজন মানুহৰ
বয়স গৈছে টুটি
লোভ গৈছে বাঢ়ি
মায়া - মোহত আবদ্ধ
প্ৰতি দিনে আগবাঢ়িছো
মৃত্যুৰ ক্ষণ গণি গণি
অন্তিম দুৱাৰ দলিলৈ৷

দূৰভাষঃ ৯৯৫৪৪৯১২৩৯