আকাশ, নৈ আৰু অনুভৱৰ কেইটামান স্তৱক......✍ পলাশী বড়া

(১)
আকাশখনে অভিমান কৰে
চকুলোবোৰ বৰষুণ হৈ নিগৰে,
নৈখনে আঁচল পাতি লয়,
আৰু ৰৌদ্ৰোজ্জ্বল পুৱাটোৱে
নিয়ৰৰ টোপালৰূপে
সেউজী পাতত জিলিকাই তোলে
আকাশৰ অশ্ৰু...

(২)
মায়াময় ৰূপালী জোনাকৰ কোলাত
জোনটোৱে নিৰলে উচুপি উঠে
অপূৰ্ণতাৰ বেদনাত!
ৰাতিৰ নিৰ্জনতাত
দূৰ দিগন্তৰ পৰা ভাঁহি আহে
ধূলিয়ৰী বাটৰ কোনোবা কেঁকুৰিত
পদপিষ্ট সৰাপাতৰ হিয়াভঙা বিননি...

(৩)
নৈখনে মাথোঁ অপেক্ষা কৰে,
বুকুৱেদি দুখবোৰ উজাই আহে
আৱেগে হেন্দোলনি তোলে,
অথচ,
অজস্ৰ বিষাদ গাঁথা কঢ়িয়াই
অবিৰত বৈ থাকে
প্ৰাপ্তিৰ হেঁঁপাহেৰে..৷

ঠিকনাঃ যোৰহাট।