অহিংসাৰ পূজাৰী......✍ ৰুনু শৰ্মা

সেইয়া কি তেজৰ নদী বৈ আহিছে চাৰিওফালে !
আই, তুমি ক'ত
চৌদিশে নাই স্থবিৰতা
আত্মাৰো নাই নিৰাপত্তা
পুত্ৰ-কন্যা ভাতৃ বধূ
নাই সবে চিনাচিনি
চৌদিশে হাহাকাৰ বিননি
মহাত্মাৰ আদৰ্শক দিলে
বিসৰ্জন, অহিংসাৰ বলেৰে বিদেশী খেদাই
সত্যৰ পথেৰে দিলে আগুৱাই,
অসহযোগ আন্দোলনৰে খাটি কাৰাবাস।
১৯৪৭ চনত
ভাৰত মাতৃক কৰিলা স্বাধীন 
হাতেৰে সূতা কাটি
বিদেশী বৰ্জন কৰি
জ্বলাই দিবলৈ শিকালা
কপাহী বস্ত্ৰ পৰিধান কৰি
জগত পোহৰ কৰি
অহিংসাৰ মূলমন্ত্ৰ জগাই তুলিলা৷
অহিংসা মন্ত্ৰেৰে
শক্তিমান মহাত্মা জাতিৰ পিতা মন্ত্ৰ যাৰ
মমতাৰ নানা ভাষা নানা ধৰ্ম
ভিন্ন জাতিৰ ৰূপ
ভালপোৱা মিলাপ্ৰীতি
ক'তনো হেৰাল!
অমিয়া সৰগী বাণী ক'তনো লুকাল
মানৱী প্ৰেমৰ গংগা আকৌ এবাৰ,
কিদৰে নমাই আনো উদ্দীপ্ত ধৰাৰ।
ঈশ্বৰ আল্লা তেৰে নাম
সবকো সুমতি দে ভগৱান 
নাই উচ্চ নীচ ভিন পৰ
মৰিলে পুনৰ পাওঁ যে
এই পৃথিৱীতে জনম।