প্ৰেম এনেকুৱাই......✍ মঃ পাৰবিজুল হক

কুৰা জুই ধোঁৱাই উমি উমি জ্বলি আছে
সেই দেখি মই এখন চানগ্লাচ পিন্ধি লৈছো
এতিয়া সকলো ৰঙীন দেখো
বিৰিঙি উঠিছে ওঁঠ দুটিত সেমেকা হাঁহিটো

সময়বোৰ হাতৰ মুঠিৰ পৰা ওলাই গৈ আছে
পাৰ ভঙা নৈ খনৰ পাৰত বহি ক্ষণবোৰ গণিছো
এইবোৰ এতিয়া
অভ্যাসত পৰিণত হৈছে৷

ঠিকনাঃ বোকাখাত