সময়......✍ বিজুলী ডেকা কলিতা

কৰা ধ্যান লোৱা জ্ঞান
সময়ৰ কাম সময়ত কৰা,
আশা নকৰিবা আশা নিদিবা
সময়ৰ কথা সময়ত কৰা ৷

ধ্যান আৰু জ্ঞান জ্ঞানী বুজি পায়
মূৰ্খই হেনো তাশ্চিল্য কৰে,
হিয়াৰ মুকুতামণি নিয়ৰত তিতে ৷

অজ্ঞানীয়ে হেনো 
দাঁত নিকটাই হাঁহে৷

অজ্ঞানী চালাক চতুৰৰ স্থান
সমাজত হিমালয় পৰ্বতৰ দৰে,
জ্ঞানী -সজ্জনৰ স্থান
মৰুভূমিত মৰীচিকা বিচৰাৰ দৰে ৷

ঠিকনাঃ টিহু