আজি নাৰী নিৰাপত্তাহীন কিয় ? এক স্পৰ্শকাতৰ বিষয়......✍ উৎপল কলিতা

"মা" কি যে এক মৰমলগা শব্দ। "মা" শব্দটি অৰ্থ অতি তাৎপৰ্যকৰ। "মা" বুলি ক'লেই প্ৰত্যেকৰ চকুত একোখন ছবি ভাঁহি উঠে। "মা" হৈছে আমাৰ জন্মদাত্ৰী। "মা" গৰ্ভত ন' মাহ দহ দিন সংস্থাপিত হৈয়ে অৱশেষত আমি এই ধৰালৈ নামি আহিছো। "মা" হৈছে একোগৰাকী নাৰী। যিয়ে সদায় সন্তানক জ্যোতিৰ শোভা বিলায়। আজি সেই নাৰীয়ে নিৰ্যাজিত হ'ব লগা হৈছে বাৰু কিয় ?
কিয় "মা" নামৰ সেই মৰমলগা শব্দটিক এচাম পিশাচৰূপী দানৱে কলংকিত কৰিছে ? কিয় বৰ্তমান সময়ত ধৰ্ষণ দৰে এক অপৰাধ আমাৰ সমাজত হ'ব পাৰিছে? বৰ্তমান সময়ত এই প্ৰশ্নবোৰ যেন এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে। স্বাধীনতাৰ ৭১ টা বছৰ অতিক্ৰম কৰাৰ পিছতো কিয় আজি নাৰী সমাজে মুক্ত মনে বিচৰণ কৰাত ব্যৰ্থ হৈছে। এগৰাকী ছোৱালী সন্ধিয়া ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰিব লগা হৈছে। এইখনেই নেকি আমাৰ স্বাধীন ভাৰত। নাৰী সমাজক কলংকিত অধ্যায়ৰ পৰা মুক্ত কৰিব নোৱাৰিলে কোনো সমাজ, কোনো ৰাজ্য, কোনো দেশ উন্নতিৰ শিখৰত উপনীত হ'ব নোৱাৰে। সমাজৰ উৎকৰ্ষ সাধনত নাৰীসমাজৰ অৱদান নিচেই প্ৰয়োজন। নাৰী সমাজক প্ৰকৃত সন্মান দিব পাৰিলেহে আমাৰ সমাজখনক আগবঢ়াই নিব পাৰিম। আমাৰ সমাজখনক সুস্থ, সুখী আৰু সভ্য সমাজৰূপে তেতিয়াহে গঢ় দিব পাৰিম, যেতিয়া নাৰীসমাজক ধৰ্ষণ, নাৰী নিৰ্যাতন আদিৰ পৰা ৰক্ষা কৰিম পাৰিম। সেয়েহে বৰ্তমান প্ৰেক্ষাপটত এক কলংকিত অধ্যায়ৰূপে থিয় দিয়া ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ পৰা নাৰী সমাজক ৰক্ষা কৰাৰ স্বাৰ্থত আমি সকলোৱে জাতি- ধৰ্ম- সম্প্ৰদায় নিৰ্বিশেষে ওলায় আহিব লাগিব। প্ৰতিজন মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ পাৰিলেহে আমাৰ সমাজখন চিৰস্থায়ী হ'ব দূৰ-দিগন্তলৈ তথা যুগ-যুগান্তৰলৈ৷ আহক আমি সকলোৱে এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ।

ঠিকনাঃ মঙলদৈ, দৰং (অসম)