মোৰ হৃদয়ৰ ডায়েৰিত কলেজ অৱ এডুকেশ্যন......✍ মাহবুবুৰ ৰহমান

কলেজ অব এডোকেশ্যন নগাঁওত নাম ভৰ্তি কৰাৰ পিছৰ পৰা যিবিলাক বিষয় বা কথাই মোক বিশেষকৈ আকৰ্ষণ কৰিছিলে তাৰ ভিতৰত এটা আকৰ্ষণ হ'ল শ্ৰীযুত সহজানন্দ ওজা ছাৰক লগ পোৱা ! শ্ৰদ্ধাৰ ওজা ছাৰৰ নামটো কেইবছৰমান আগতে অৰ্থাৎ হায়াৰ ছেকেণ্ডৰি পঢ়ি থকা সময়ত শুনিছিলো৷ গতিকে এই নামটো মোৰ বাবে বহু দিনৰ চিনাকি নাম৷ মই যেতিয়া প্ৰথম তেখেতক দেখিছিলো তেতিয়া মই এ. ডি. পি. কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ৷ তেখেত কলেজত বিভিন্ন সময়ত বিভিন্ন সভা- সমিতিয়ে আহি থাকে আৰু কেতিয়াবা কেতিয়াবা ভাষণো দিয়ে৷ এনেকৈয়ে তেওঁক দূৰৰ পৰা লক্ষ্য কৰি থাকো, তেওঁৰ মাত কথা উপলব্ধি কৰি থাকো৷ কিন্ত তেওঁক ওচৰৰ পৰা লগ পোৱা নাছিলো৷ এবাৰ সুযোগ আহিল সেয়া আছিল ২০১৫ চনৰ কথা৷ এ. ডি. পি. কলেজৰ নৱাগত আদৰণি আৰু বঁটা বিতৰণ সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰিছিল ছাৰে বহু দিনৰ আগৰ পৰা সোঁ- শৰীৰে লগ পোৱাৰ ইচ্ছা থকা ছাৰক প্ৰথম সেই বঁটা বিতৰণি সভাৰ দিনা লগ পাইছিলো মানে সিদিনা মই সৌভাগ্যক্ৰমে ছাৰৰ হাতৰ পৰা বি. এ. প্ৰথম বিভাগত অনাৰ্চসহ পাছ কৰাৰ বাবে এহেজাৰ টকা আৰু এখন চাৰ্টিফিকেট গ্ৰহণ কৰিছিলো৷ তাৰ পৰৱৰ্তী সময়ত যেতিয়া কলেজ অব এডুকেশ্যন নগাঁওত নাম ভৰ্তি কৰিম বুলি মই ভাবি আছিলো তেতিয়া এদিন A.D.P. College ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক মোৰ অতি শ্ৰদ্ধাৰ শিক্ষা গুৰু ড০ সোনাৰাম নাথ ছাৰক এদিন কলেজ অব এডুকেশ্যন নগাঁও সম্পৰ্কে সুধিছিলো আৰু মই কৈছিলো ছাৰ নতুন কলেজত যাম অলপ ভয় ভাব লাগি আছে ...৷ তেতিয়া ছাৰে মোক কৈছিল সেই চিন্তা নকৰিবি তাত আমাৰ কলেজ পৰিচালনা সমিতিৰ লগত জড়িত আমাৰ এ ডি পি কলেজৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত সহজানন্দ ওজা ছাৰ আছে৷ ছাৰ সেই খন অসমৰ আগ-শাৰীত থকা প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, তেখেত বৰ ভাল মানুহ গতিকে তেখেতক লগ পাবি চিন্তা কৰিব নালাগে আৰু তোৰ বাইদেউ মিতালী দেৱীও তাতে ইংৰাজী বিভাগৰ প্ৰবক্তা গতিকে ইমান চিন্তা কৰিব নাগাগে যা৷ শ্ৰদ্ধাৰ ছাৰৰ এই কথাখিনি শুনি স্বভাৱিকতে অলপ আনন্দও অনুভৱ কৰিলো৷ কলেজত নাম ভৰ্তি কৰিলো আৰু সঁঁচাকৈয়ে  তাত ওজা ছাৰক লগ পাবলৈ সক্ষম হ'লো৷ প্ৰথম প্ৰথম অলপ ভয়ো লাগিছিল ছাৰৰ লগত মাতিবলৈ বা কথা ক'বলৈ কিন্তু লাহে লাহে ছাৰৰ লগত কথা পাতিবলৈ বা কিবা সুধিবলৈ আৰাম্ভ কৰিলো৷ লাহে লাহে ছাৰৰ ওচৰ চাপিবলৈ আৰাম্ভ কৰিলো আৰু তেতিয়া মই তেখেতৰ ব্যক্তিত্বৰ পোহৰ আৰু শক্তি সম্পৰ্কে বহু কথা জানিবলৈ সুযোগ পালো তেওঁ যে কিমান বিশাল ব্যক্তিত্ব আৰু সফল নেতৃত্বৰ অধিকাৰী সেই কথা জানিলে আপুনিও আচৰিত হ'ব এনেকি এবাৰ হ'লেও তেখেতক লগ পোৱাৰ হেঁপাহ কৰিব৷
তেওঁৰ কোমল নিৰ্মোহ মুখখনত সকলো সময়তে এটা মিঠা হাঁহি লাগি থাকে একলগে তেওঁ সেই কোমলতাৰ লগতে নিয়মানুৱৰ্তীতাত কঠোৰ হৈ চলে৷ তেওঁ যে নিয়মানুৱৰ্তীতাত কিমান আগৰণুৱা সেই কথা মই আপোনালোকক বুজাবলৈ এটা মাত্ৰ সৰু উদাহৰণেই যথেষ্ট হ'ব৷ এবাৰ শিক্ষক দিৱসৰ দিনা তেওঁ দহ বজাত আহি উপস্থিত হৈছিল কিন্তু কলেজৰ প্ৰশিক্ষাৰ্থী সকলৰ উপস্থিতি সেই সময়ত একেবাৰে তাকৰ আছিল সেয়ে দহ বজাত সভাখন আৰাম্ভ হোৱা নাছিল যেতিয়া দহ বাজি পোন্ধৰ মিনিট সময় পাৰ হৈ গৈছিল তেতিয়া ওজা ছাৰে কৈছিল আৰু যদি এক মিনিট সময় দেৰি হয় মই চিধা গুচি যাম৷ তেতিয়া আৰু পলম নকৰাকৈ সভাৰ কাম আৰম্ভ কৰিছিল৷ গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে তেখেতে সময়ক কিমান গুৰুত্ব দিছিল৷ কেৱল সেয়াই নহয় ছাৰে প্ৰতিটোখন আৰু সমাজৰ প্ৰতিটো দিশক সদায় অতি সচেতনতাৰে নেতৃৃৃৃত্ব দি আহিছে৷ কি কৰা নাই ছাৰে সমাজৰ বাবে ! ১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিভাগত এম. এ. পাছকৰি আহি ১৯৬৫ চনত নগাঁৱৰ এডিপি কলেজৰ অধ্যাপক হিচাবে কৰ্ম জীৱনৰ পাতনি মেলা ওজা ছাৰ একেধাৰে অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজসেৱক, সাংবাদিক, শিক্ষাবিদ, প্ৰকৃতিপ্ৰেমী তথা মানৱ প্ৰেমী৷ ক্ৰীড়া সংগঠক হিচাবে তেখেতৰ অসমৰ ক্ৰীড়া জগতত আছে এক সুখীয়া স্থান৷ তেখেত নিজে এজন দক্ষ খেলুৱৈ আছিলে এটা সময়ত তেওঁ ভাৰতীয় ক্ৰিকেট টীমৰ পৰিচালক হিচাবে নেতৃত্ব বহন কৰি পাকিস্থান লৈ গৈছিল আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতিৰ লগত কৰমৰ্দন কৰিছিল৷ প্ৰায় ৩০ বছৰ ছাৰে সাংবাদিকতা কৰিছিল অসম বাতৰি, দৈনিক জনমভূমি আদি বিভিন্ন কাকত, আলোচনীত লেখা- মেলা কৰিছিল আৰু তেখেতে শ্ৰেষ্ট সাংবাদিকতাৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ অন্যদিশে ছাৰে  প্ৰায় ৩০ বছৰ সময় অসমৰ ক্ৰিকেট এচ'চিয়েচন চলাইছে অভিৰুচি ক্ৰীড়া, ফকৰুদ্দিন আলি আহমেদ ফাউণ্ডেচনৰ লগতে অনান্ন্য বহুতো  সন্মান লাভ কৰিছে৷ BCCI ৰ সভাপতি ৰূপে তেখেতক সমগ্ৰ ভাৰতে জানে৷ এডিপি কলেজৰ অধ্যক্ষ হিচাবে তেখেতৰ আছে যথেষ্ট সুনাম৷ তেখেতৰ কাৰ্যকালত কলেজৰ আন্তঃ গাঁথনিকে ধৰি সকলো দিশতে হোৱা উন্নয়ন লেখতলবলগীয়া৷

সমাজৰ শৈক্ষিক উত্তৰণৰ বাবে তেখেতে প্ৰতিষ্ঠা কৰিছে বিদ্যালয় আৰু মহাবিদ্যালয়৷ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অবিৰত বাবে আজিলৈকে নিজকে এগৰাকী অতুলনীয় সমাজ সেৱক হিচাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ সহজ-সৰল মনোভাবেৰে সকলোকে সম দৃষ্টিৰে চোৱা ওজা ছাৰ সঁঁচাকৈয়ে আমাৰ বাবে আৰ্দশ আৰু প্ৰেৰণা৷ এনে এগৰাকী মহান ব্যক্তিক মই এই বিদ্যা মন্দিৰ কলেজ অব এডোকেশ্যন নগাঁৱত বহু বাৰ লগ পাবলৈ মই সুযোগ পাইছো৷ এনেকৈ ২০১৭ চনৰ মাজ ভাগত তেখেতৰ লগত অন্তৰংগ আলাপত মিলিত হোৱাৰ সৌভাগ্য মোৰ হৈছিল যাৰ স্মৃৃৃতি মোৰ হৃদয়ৰ ডায়েৰিত আজীৱন সজীৱ হৈ ৰ'ব৷ অন্তৰংগ আলাপত মিলিত হোৱাৰ সু-বৰ্ণ সুযোগ দিয়াৰ বাবে মই কলেজ অব এডোকেশ্যনৰ অধ্যক্ষ শ্ৰদ্ধাৰ ড০ মানশিখা বাইদেউ, অতি আদৰৰ শিক্ষাগুৰু ড০ শেৱালি বৰা বাইদেউ আৰু শ্ৰদ্ধাৰ অনুপমা গায়ন বাইদেউৰ ওচৰত মই আজীৱন চিৰ কৃৃতজ্ঞ হৈ ৰম৷ ছাৰৰ লগত হোব়া অন্তৰংগ আলাপতৰ সেই মধুৰ অনুভৱ তথা ছাৰৰ জীৱন বিচিত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে বিতংকৈ এই লিখনিৰ শেষৰ ফালে অৰ্ন্তভুক্ত কৰিম৷ ছাৰ আমাৰ মাজত আজিও যেনেকৈ এগৰাকী তৰুণ যুৱকৰ দৰে অক্লান্ত পৰিশ্ৰম কৰি আমাক তথা নৱ প্ৰজন্মক পোহৰৰ বাট দেখুৱাই আছে অনাগত দিনতো ছাৰ আমাৰ মাজত বহু বহু বছৰ সুস্থ্য হৈ থাকক ঈশ্বৰে তেওঁক ভালে ৰাখক তাকে কমনা কৰি আজিলৈ সামৰিছো ......৷

বিঃ দ্ৰঃ ছাৰৰ জীৱন বিচিত্ৰৰ বিভিন্ন দিশৰ বিষয়ে লিখিবলৈ তেখেতৰ প্ৰকাশিত গ্ৰন্থ ক্ৰীড়াংন মোৰ জীৱনতীৰ্থ, সেতুবন্ধন (আলোচনী), ৰূপালী সুবাস স্মৃতি গ্ৰন্থৰ সহায় লোৱা হৈছে৷