"মায়া! মায়া! সোনকালে কৰা হে, কিমান সময় নালাগে হা। তোমালোক মাইকী মানুহক ক'ৰবাত যাবলৈ হ'লে ইমান সময় লাগে ওলাওঁতেই।" বাহিৰত নীলোৎপলৰ চিঞৰ বাখৰ।" উফ! উপায় নাই এই মতা মানুহবোৰৰ পৰা। নিজে আগেয়ে ওলাই ল'ব আৰু আমাৰ মাইকী মানুহক ওলোৱাৰ সময়ত এইদৰে বাহিৰত গৈ হুলস্থূল লগাই থাকিব"-এইদৰে ভিতৰত অকলে অকলে মুখৰ ভিতৰতে ভোৰভোৰাই মায়াই মাত দিয়ে নীলোৎপলক। গৈছোঁ ৰ'বা ৫ মিনিট, ইমান হুলস্থূল নকৰিবাচোন। তুমি নিজে আগতীয়াকৈ ওলাই লৈছা আৰু তোমালোকৰ জানো সাজোন- কাচোন বুলি কিবা আছে! কাপোৰ সাজ পিন্ধিলা, চুলি ঠিক কৰি হাতত ঘড়ীটো লগাই ল'লে হৈ গ'ল। আমি তিৰোতা মানুহ অলপ সময় লাগিবই। কথাতে কয়চোন বোলে "বেৰিলে ভেটিলে বাৰী, পিন্ধিলে উৰিলে নাৰী" তেনে নাৰী হিচাপে মই সাজোন কাচোন অলপ কৰিবই লাগিব লগতে মাইনাকো মইয়েই ওলিয়াবলগীয়া হৈছে। তুমি তেনেকৈ ক'লে হ'ব নেকি। এইদৰে ক'ৰবাত যাবৰ সময়ত দয়োজনৰ মাজত সদায়ে হুলস্থূল হৈ থাকে। নীলোৎপল আৰু মায়াৰ বিয়াৰ আঠ বছৰেই হ'ল। দুই বছৰৰ আগেয়ে দুয়োৰে মাজলৈ কণমানি হিয়া আহি সিহঁতৰ বৈবাহিক জীৱন ন- ৰঙেৰে ভৰাই তোলে। নীলোৎপল চহৰখনৰ এজন নামী চিকিৎসক আৰু মায়া ছোৱালী কলেজ এখনৰ অধ্যাপিকা। দুয়োৰে ব্যস্ততাপূৰ্ণ জীৱন। তথাপিও দুয়োজনৰ মাজত বহুত মিলাপ্ৰীতি। সপ্তাহটোৰ বন্ধ দিন অৰ্থাৎ দেওবাৰ দিনটো দুয়োজনে একেলগে সময় পাৰ কৰে। নীলোৎপলৰ বন্ধ বুলিবলৈ নাই। কেৱল ৰোগীৰ লগতে নিতৌ ব্যস্ত থাকিব লাগে। তথাপিও দেওবাৰৰ দিনটো মায়া আৰু হিয়াক অকনমান সময় দিবৰ বাবে ছুটী লয়।
মায়া হ'ল নে! সোনকালে আহা, মোৰ ৰৈ ৰৈ আমনি লাগিছে। উম বলা, মায়া সাজি- কাচি কোলাত হিয়াক লৈ গাড়ীত বহিল। আজি দেওবাৰ দুয়ো একেলগে সময় পাৰ কৰিম বুলি বাহিৰলৈ ওলাই গৈছে। প্ৰথমে বজাৰ ইয়াৰ পিছত ভাল ৰেষ্টুৰাণ্ট এখনত গৈ কিবা এটা খায় ঘৰলৈ উভতিম। দিনটোৰ পৰিকল্পনা ইমানেই। তিনিও গৈ বজাৰ পালেগৈ। বজাৰ সন্মুখতে হিয়া আৰু মায়াক গাড়ীৰ পৰা নমাই থৈ নীলোৎপলে গাড়ীখন পাৰ্কিং প্লেচত থবলৈ গ'ল। আনকালে হিয়াক ধৰিব কাৰণে ঘৰত বনকৰা আয়াজনী থাকে কিন্তু আজি আয়াজনী গাঁৱৰ ঘৰলৈ গ' ল। সেয়ে আজি মায়াই নিজে হিয়াক কোলাত লৈছে। মায়াই বজাৰ সন্মুখৰ দোকান এখনৰ আগত থিয় হৈ ইফালে সিফালে চাবলৈ ধৰিলে। তেনেতে ডাষ্টবিনৰ ওচৰত কিবা খুচৰি থকা ভিক্ষাৰী এজনৰ ওপৰত চকু পৰিল। কিবা চিনাকি চিনাকি যেন পায় অলপ ওচৰলৈ গৈ ভালকৈ চাব ধৰিলে মায়াই। মায়া আচৰিত হৈ উচপ খাই উঠিল। তাইৰ গোটেই শৰীৰটো জিকাৰ খাই উঠিল। হায়! এয়া কি? আকাশ! মোৰ লৰালিৰ বন্ধু আকাশ! আকাশ! অ' এয়া আকাশ বৰুৱা। মোৰ ভালকৈয়ে মনত পৰিছে, যিয়ে মোক খুব ভাল পাইছিল। কেইবাবাৰো মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু মই প্ৰতিবাৰেই প্ৰত্যাখ্যান কৰিছিলোঁ। যিয়ে মোৰ বাবে বহুতো কবিতা লিখিছিল আৰু মই প্ৰতিটো কবিতাই ফালি পেলাই দিছিলোঁ। কিন্তু, আজি এয়া কি হ'ল তাৰ! কিয় এনেকুৱা হ'ল। মায়াৰ দুচকুৱেদি দুধাৰি তপত অশ্ৰু বৈ আহিল। হায়! এয়া কেনেবাকৈ মই কৰা ভুলৰে পৰিণতি নেকি। আজি মই বহুত কষ্ট পাইছো। যিটো ল'ৰাই মোৰ বাবে সপোন দেখি দেখি নিজৰ পঢ়া-শুনা সকলো শেষ কৰিলে আৰু মই কি কৰিলো! কম পঢ়া শুনা কৰা, সূক্ষ্ম চিন্তা ধাৰাৰ ব্যক্তি, বৰ্তমানেও নিজৰ ভৱিষ্যতক লৈ অকনো চিন্তা নকৰা এটা নিষ্কৰ্মা বুলি তাৰ শেষবাৰৰ বাবে কৰা প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দুইবছৰ মানৰ পাছত মই নীলোৎপলৰ সৈ'তে বিয়া হৈ গুচি আহিলো আৰু যিয়ে প্ৰতিদিনে মোৰ খবৰ ৰাখিছিল তাৰ কথা মই এবাৰলৈও ভাবি নাছালো৷ হায়! এয়া মই কি কৰিলো। মোৰ প্ৰেমত বলীয়া হৈ সি নিজকে বৰবাদ কৰি দিলে। কথাবোৰ ভাবি থাকোতেই হঠাৎ মায়া ৰাস্তাত সংজ্ঞা হেৰুৱাই কণমানি হিয়াক বুকুত সাবটি লৈ ঢলি পৰিল। লগে লগে ওচৰত মানুহবোৰে কি হ'লনো বুলি ভিৰ লগালেহি। ইফালে নীলোৎপলে মায়াক ৰৈ থাকিবলৈ কৈ যোৱা ঠাইত নাপায় বিচাৰি ফুৰোতে মানুহৰ জুমটো দেখি তাতে আছে ছাগৈ বুলি সেই ঠাইলৈ গৈ দেখে মায়া সংজ্ঞাহীন অৱস্থাত তলত পৰি আছে আৰু কণমানি হিয়া কান্দি আছে। সেই সময়তে আদবয়সীয়া মহিলা এগৰাকী আহি মায়াৰ মুখত পানী ছটিয়াই দিলে আৰু মায়াই সংজ্ঞা ঘূৰাই পাই লাহেকৈ চকুহাল মেলিলে। লগে লগে নীলোৎপলে ওচৰত ৰৈ থকা ব্যক্তি দুজনৰ পৰা সহায় বিচাৰি মায়াক ধৰি লৈ গাড়ীত উঠাই ব্যক্তি দুজনক ধন্যবাদ জনাই পোনচাটেই ঘৰলৈ লৈ আহিল। নীলোৎপল নিজে এজন চিকিৎসক সেয়ে ঘৰতে মায়াৰ স্বাস্থ্য পৰীক্ষা কৰিল। ব্লাড-প্ৰেচাৰ অলপ কম আছে, অন্য বিশেষ একো নাই। মায়াই খন্তেক জিৰণি ল'লে, খোৱা বোৱা যত্ন ল'লে ঠিক হৈ যাব। মায়াই শোৱাৰ পৰা উঠিব খুজিছিল কিন্তু নীলোৎপলে উঠিব নিদিলে। নালাগে উঠিব অলপ জিৰাই লোৱাচোন। সদায় ব্যস্ত থাকা নিজৰ স্বাস্থ্যৰ প্ৰতি অলপো চকু নিদিয়া সেয়ে এনে হৈছে। আজিৰ পৰা কিন্তু এনেকুৱা নচলিব মই কৈ দিছো৷ খোৱা -শোৱা সকলো সময়মতে ভালকৈ কৰিব লাগিব বুলি কৈ নীলোৎপলে মায়াৰ কাষৰ পৰা হিয়াক কোলাত লৈ বাহিৰলৈ ওলাই আহিল। নীলোৎপলৰ এনেকুৱা মৰম, অভিমানেৰে ভৰা খং, আব্দাৰবোৰ চাই মায়াৰ চকুৱেদি পুনৰ দুধাৰি চকুলো বাগৰি পৰিল। তাই কেনেকৈ কয় নীলোৎপলক তাইৰ অতীতটোৰ কথা। গাৰুটোতে মুখখন গুজি লৈ তাই পুনৰ উচুপি উঠে এবাৰ আকাশৰ কথা ভাবি আকৌ আনবাৰ হিয়া আৰু নীলোৎপলৰ কথা ভাবি। নাই এনেকৈ কান্দি থাকিলে নহ'ব বুলি বকু ডাঠ কৰি মায়া শুৱাৰ পৰা উঠি চকুহাল মোহাৰি বাথৰূমলৈ গৈ চকুত অলপ পানী ছটিয়াই আইনাখনত নিজৰ মুখলৈ চাই নিজকে কৈ উঠিল। যি হৈ গ' ল হৈ গ'ল এতিয়া সেই পুৰণি কথাবোৰক লৈ মই মোৰ ভৱিষ্যতটো শেষ কৰিব নোৱাৰো৷ মোৰ সুখৰ সংসাৰখনত কলা ছাঁ পৰিব দিব নোৱাৰো৷ মই পুনৰবাৰ স্বাৰ্থপৰ হ'ব লাগিব। হ'ব লাগিব মই হিয়া আৰু নীলোৎপলৰ বাবে। মোৰ অতীতৰ ভুলৰ বাবে বৰ্তমানৰ এই সুখৰ সংসাৰখন মই শেষ কৰিব নোৱাৰো৷ কিন্তু এবাৰ আকাশৰো খবৰ মই লম। কালিলৈ মই আকাশক বিচাৰি পুনৰ এবাৰ সেই ঠাইলৈ যাম। মই যি ভুল কৰিলো সেয়া শুধৰাব নোৱাৰি কিন্তু পৰাচিত মই কৰিব লাগিব। মই তাৰ প্ৰতাৰিতা হোৱাৰ আগতে লৰালিৰ ভাল বান্ধৱী আছিলো৷ সেই হিচাপে মই তাক সহায় কৰিব যাম........৷








