শাওণৰ বৰষুণ মানেই
গুন গুন এটি মিঠা প্ৰেমৰ গীত
যি কৃষকলৈ কঢ়িয়াই আনে
সৃষ্টিৰ সপোন
সপোনে কৰ্ষণ কৰে বাস্তৱ পথাৰত
লুণীয়া ঘামত তিতিবুৰি
পোখা মেলে কঠীয়াই
উমাল হৃদয়ত
বুকুৰ উদং ভঁৰাল উপচাবলৈ
হেঁপাহৰে বাট চাই ৰয় কৃষক৷
ঠিকনাঃ তিনিচুকীয়া কাকপথাৰ
গুন গুন এটি মিঠা প্ৰেমৰ গীত
যি কৃষকলৈ কঢ়িয়াই আনে
সৃষ্টিৰ সপোন
সপোনে কৰ্ষণ কৰে বাস্তৱ পথাৰত
লুণীয়া ঘামত তিতিবুৰি
পোখা মেলে কঠীয়াই
উমাল হৃদয়ত
বুকুৰ উদং ভঁৰাল উপচাবলৈ
হেঁপাহৰে বাট চাই ৰয় কৃষক৷
ঠিকনাঃ তিনিচুকীয়া কাকপথাৰ







