ৰজনী খাৰঘৰীয়া নামৰ ব্যক্তি বিশেষৰ মৃত্যু বাতৰিয়ে মনটো সিমান বিচলত কৰিব পৰা নাই, যিমান তেওঁৰ মৃত্যুৰ কাৰন আৰু শেষ মুহূৰ্তত তেওঁৰ সন্তানৰ কৰ্মকাণ্ডই বিচলিত কৰিছে ৷ পুনৰ এবাৰ প্ৰমাণ হ’ল মানৱতাৰ যে মৃত্যু ঘটিছে ৷ এনে ঘটনা কিছুহে আমাৰ আগত ধৰা দিয়ে, কিন্তু আমাৰ অজানিতে এনে বহু ঘটনাই ঘটি আছে৷ কালি পৰহিলৈ আমিও যে তেনে একো ঘটনাৰ বলি ন’হম তাক আমি বুকুত হাত দি দৃঢ়তাৰে ক’ব পাৰিম নে?
নোৱাৰো আমি কোনেও নোৱাৰো ৷ তাৰ কাৰণ আমি নিজেই ৷ সময়ৰ কোবাল সোঁঁতত উটি ভাহি নাযাবলৈয়ে হওক বা পৰিস্থিতি সাপেক্ষেই হওক আমি অজানিতে আমাৰ সন্তাসকলক একো একোটা যন্ত্ৰত পৰিণত কৰি গঢ় দি গৈ আছো৷ যি মাত্ৰ দৌৰিব শিকিছে, যাৰ অন্তৰত মানৱতা, দয়া, মায়া, আৱেগ অনুভূতি আদিৰ কোনো মূল্য নাই ৷
সিহঁতক আমি দিব পৰা নাই মানৱতাৰ জ্ঞান, দিব পৰা নাই সমন্ধৰ প্ৰতি ৰাখিবলগীয়া কৰ্তব্যৰ জ্ঞান ৷ মাথো সিকাইছো দৌৰ আৰু দৌৰ ৷
এটা উদাহৰণ দাঙি ধৰিলো,
মাজত এখন ঘৰৰ ল’ৰাজনৰ বৰ সুন্দৰ ৰিজাল্টৰ খবৰ পাই দৌৰি খবৰ ল’বলৈ তেওঁলোকৰ ঘৰ পালোগৈ ৷ (ৰিজাল্ট বুলিলে নাজানো মোৰ কি হয়, মই চিনাকি অচিনাকি পাহৰি যাওঁ, মনটো কিবা বিচলিত হৈ যায় তাক গম নোপোৱা লৈকে ৷)
মানুহ ঘৰত দেখিছো বহুতো মানুহৰ সমাগম মোৰ বাদেও৷ মাকে আথে বেথে সকলোকে যথাসম্ভৱ আপ্যায়নো কৰিবলৈ হেমাহি কৰা নাই ৷
তাত আমি সকলো হয়টো এক ঘণ্টা মান বহিলো ৷ কিন্তু সকলোতকৈ দুখ লগা আৰু আৰ্চায্যকৰ বিষয় এইটোৱেই যে, যাৰ খবৰ ল’বলৈ আমি এক ঘণ্টা ধৰি বহি থাকিলো, তেওঁ এবাৰো মানুখিনিক উলাই আহি মাত নিদিলে ৷
মাজতে মাকক সধিলো বোলো তেওঁ ক’ত !!
মাকে যেন গৌৰৱেৰে ক’লে- তেওঁ তেওঁৰ বন্ধু বৰ্গৰ লগত ফোনত ব্যস্ত ৷
মোৰ মন গৈছিল ক’বলৈ আমিও ফোন কৰা হ’লেই ভাল আছিল চাগে৷ মিছাতে সময় নষ্ট কৰি বহি আছোহি ৷ চাহ কাপনো কি ঘৰতেই খালো হয়৷
তেন্তে এবাৰ ভাৱক সেই সন্তানক তেওঁৰ পিতৃ মাতৃয়ে কি শিক্ষাৰে শিক্ষিত হোৱাত অধিক গুৰুত্ব দিছে ৷
য’ত তেওঁৰ পিতৃ মাতৃ সদৃশ মানুহ খিনিক মাত এষাৰ দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলে৷ বা মাক দেউতাকেও তেওঁক এবাৰলৈও বাহিৰত বহি থকা মানুহখিনিক মাত এষাৰ দি যোৱাহি বুলি কোৱাতো প্ৰয়োজনীয় বুলি নাভাৱিলে !! কাক দুখ দিম আমি এই ক্ষেত্ৰত ?
মোৰ মতে কিন্তু ধিক্ এনে শিক্ষাৰ৷ তাতোতকৈ অশিক্ষিতই ভাল ৷ অকল এইটো ঘটনাই নহয় এনে বহু ঘটনা আমাৰ চকুৰ আগত ঘটিয়েই থাকে সচৰাচৰ ৷ আমি কিন্তু মানুহজাতি কেতিয়াও তল নপৰো নিজৰ ভুল ত্ৰুটি বিচাৰ কৰি ৷
কাইলৈ সেই সন্তানেই যেতিয়া সেই পিতৃ মাতৃক প্ৰয়োজন সাপেক্ষেহে বিচাৰিব তাত আমি দুখ কৰি কি লাভ !!
আচল কথা তুমি যি সঁচৰ পুলি ৰুবা তেনে ফলেই পাবা বান্ধৈ ৷ তাক স্বীকাৰ কৰিবৰ সাহস কণ গুটাই ৰখাটোৱেই আৱশ্যক ৷
আমি ল’ৰা ছোৱালীক ভৰণ- পোষনণ পৰা আৰম্ভ কৰি উচ্চশিক্ষাৰ লৈকে সকলো সুবিধা দিওঁ, সেইটো আমাৰ কৰ্তব্য আৰু আমাৰ দ্বায়িত্ব, কিন্ত তাৰ সমসাময়িক ভাৱে মাত কথা ব্যৱহাৰ পাতি, ডাঙৰৰ প্ৰতি সন্মান এইবোৰত কিমানে গুৰুত্ব আৰোপ কৰো !!"
এটা কথা কওঁ মই মানুহজনী অলপ হাতকে্ টাইপ ৷ চিনাকি বা কেতিয়াবা এখন্তেকৰ চিনাকি মানুহ দেখিলে মাত এষাৰ নিদিয়াকৈ থাকিব নোৱাৰো ৷ বাটে ঘাটে ক’ৰবালৈ এখন্তেকৰ বাবে গ’লেও মোৰ সেয়ে বহুত সময় লাগি যায় গন্তব্য স্থল পাবলৈ ৷ কাৰণ কোনো চিনাকি ব্যক্তি (পুৰুষ /মহিলা /সৰু/ডাঙৰ যিয়েই নহওক কিয় ) মোক যদি চিনাকিৰ দৃষ্টিৰে চায় মই মাত এষাৰ নিদিয়াকৈ যাব নোৱাৰো ৷
তাৰ বাবে মোৰ পৰম প্ৰিয় পতিদেৱে মোক কেতিয়াবা মিনিষ্টাৰ চিনিষ্টাৰ খেলাৰ মন আছে নেকি বুলি insult বিধো কৰে ৷
কিন্তু মই ভাৱো মাত এষাৰত যায় কি হে? পকেটৰ ধনটো নাযায় ৷
বাদ বাকী ৰাইজে যি ভাৱে ভাৱক৷ মোৰ মতে যেইদিন জীয়াই থাকিম হাঁহি ফূৰ্তি কৰি যাম বিলাই যাম ৷ জিন্দা লাচ্ হৈ মই নাথাকো .. থাকিবও নোৱাৰো ৷
আজিকালি আকৌ সৰুৱে ডাঙৰক আগধৰি নামাতে, ডাঙৰেহে মাতিব লাগিব ৷ ভুল ত্ৰুটি দেখাই কিবা এটা জ্ঞান দিবলৈ গ’লেটো কথাই নাই, তুমি নিজেও সাজুহৈ যাবা এষাৰ শুনিবলৈ !!
মই এটা কথাই জানো, যিমানেই মানুহৰ সংস্পৰ্শত থাকিবা, সিমানেই বৌদ্ধিক জ্ঞান বৃদ্ধি হয় ৷ না কি কিবা ক্ষতি হয় ৷
তুমি যদি ঠেক মানসিকতাৰ, আনকো তেনেই দেখিবা ৷ তুমি যদি কিবা স্বাৰ্থতহে মানুহৰ লগত ঘুলমিল কৰা, আনকো তেনেই পাবা ৷ সেয়ে মই ভাৱো সকলো শিক্ষাতকৈ সন্তানক মানৱতা আৰু নৈতিক শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰক, নহ'লে ভাৱলেশহীন যন্ত্ৰ এটাৰ পৰা মানৱতা আশা কৰি বৃদ্ধ বয়সত বিচলিত হৈ একো লাভ নাই৷








