আপোনাক কালিয়ে চিনি পাইছিলো কিন্তু
- হয়, ময়েই নিবিড় নিৰৱ। কিন্তু কালিয়েই যদি চিনি পাওঁ বুলি কোৱা হ'লে অন্তত গাইড গৰাকীৰ প্ৰশ্নবানৰ সন্মুখীন নহ'লো হয়?
হাঁঁহিৰ ৰোল বিয়পি গ'ল সকলোৰে মুখমণ্ডলত…
এফালৰ পৰা চিনাকিি হৈ গ'লো…
- কাশ্যপী…
- অৰুন্ধতী…
- জ্যোতিস্না…
- অঞ্জলী…
- নমস্কাৰ। মই সংগীতা, সংগীতা বৰুৱা।
অৱশেষত তাইৰ মানটো জানিলোগৈ।
- কি ডিপাৰ্টমেণ্ট
- ইংৰাজী
- হেণ্ডিকত কেনেকুৱা লাগিছে?
- ভালেই
- ঘৰ?
- মাজুলীত আছিল।
- এতিয়া নাই?
- আছে কিন্তু এতিয়া মোৰ ঘৰ নহয়।
- মানে?
- মানে এতিয়া মোৰ ঘৰ যোৰহাটত
- কিন্তু মাজুলীৰ
- সেইবোৰ বহুত কথা…
- ক'ত থাকা ইয়াত ?
- কলেজ হোষ্টেল
- আকৌ লগ পাম
- নিশ্চয়।
সকলোকে এৰি মই আৰু বিকাশ আঁতৰি গ'লো। বুকুত কিবা এটাই খুন্দা মাৰি ধৰিলে… সঁচাকৈয়ে তাইৰ হাঁঁহি থকা মুখখনৰ সিটো পাৰে অন্য এখন পৃথিৱী আছে… কিন্তু, কি?
এসপ্তাহ পিছত তাইৰ হোষ্টেলৰ গেষ্ট ৰুমত বহি আছিলো মই…
দৌৰাদৌৰিকৈ নামি আহিছিল তাই। মোক তাত দেখি আচৰিত হৈ গৈছিল
- আপুনি ইয়াত
- হয়, ময়েই তোমাৰ গেষ্ট
- অ'
- এইফালে কাম এটা আছে, মন গ'ল তোমাক এবাৰ মাত লগাই যাওঁ বুলি সোমাই দিলো
- অ'
- ভালে আছা?
- ভালেই। আপোনাৰ ভাল?
- জীয়াই আছো। জীয়াই থকাতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে
- হি হি হয় বাৰু
- শুনাচোন
- কওক
- তোমাৰ এই কৃত্ৰিম হাঁঁহিটোৰ পিছফালে থকা কাহিনীটো জানিবৰ বাবেহে ইয়ালৈ আহিছিলো। আৰু সেইদিনা নৃত্যৰত অৱস্থাটো একেই আছিল।
- মানে?
মোৰ প্ৰশ্নটোত অপ্ৰস্তুত হৈছিল তাই।
- জীৱনে শিকাই দিয়ে। আপুনি বুজি নাপাব।
- তেন্তে বুজাই দিয়া
- কিন্তু মই আপোনাক ভালদৰে চিনিয়ে নাপাও
- যদি ইচ্ছা কৰা তেন্তে নিশ্চয় ভালদৰে চিনাকি হ'ব পাৰিম৷
- কিন্তু
- আচলতে তোমাক প্ৰথম নৃত্যৰত অৱস্থাত দেখাৰ পৰাই কিয় নাজানো মনলৈ এনে ভাৱ আহিল যে তুমি পিন্ধি থকা হাহিঁটো কৃত্ৰিম। হাঁঁহিটোৰ পিছফালে যেন ডাঙৰ কিবা ৰহস্য লুকাই আছে… সেই ৰহস্যৰ সন্ধানতে আজি আহি এইখিনি পালোহি। এইটো লোৱা মোৰ নম্বৰ যদি ইচ্ছা কৰা তেন্তে এদিন ফোন কৰিবা আৰু ৰহস্যটো ক'বা… আজিলৈ আহো
১০ দিনৰ পিছত এটা অচিনাকি নম্বৰৰ পৰা মোলৈ ফোন আহিল
- হেল্ল, কোনে ক'লে
- মই কৈছো
- মই মানে
- সংগীতা
- অহ্ ফাইনেলি ১০ দিনৰ পিছত।
- হয়। আপুনি যোৱাৰ পিছৰে পৰা যোৱা ১০ দিন মই বহুত ভাবিলো। মোক আগতে কোনেও তেনেকৈ কোৱা নাছিল৷
- হয়টো কোনেও মন কৰা নাছিল।
- কিন্তু
- বাদ দিয়া সেইবোৰ… ভালে আছা?
- হয় আছো
- নম্বৰটো তোমাৰেই নে?
- হয়
- ফোন কৰিম নে কেতিয়াবা
- কৰিব। এতিয়া ৰাখিছো
- ঠিক আছে৷
আন্তৰিকতাবোৰ বাঢ়ি আহিছিল ক্ৰমশঃ… আমাৰ বন্ধুত্ব, আন্তৰিকতা, আত্মীয়তা, সততাৰ বহুত মূল্য আছিল… ঘণ্টা ঘণ্টা ধৰি কৰা টেলিফোনিক আলাপবোৰেৰে আপোন হৈ পৰিছিলো দুয়ো… আন্তৰিকতাবোৰ বাঢ়ি যোৱাৰ লগে লগে তাই মোক তাইৰ জীৱনৰ দুখৰ কথাবোৰ কৈছিল, খুলি দিছিল তাইৰ জীৱন উপন্যাসৰ প্ৰতিটো পৃষ্ঠা… মই এটা এটাকৈ লুটিয়াই লুটিয়াই পঢ়ি গৈছিলো তাইৰ জীৱন উপন্যাস… তাই ইমান দুৰ্বিসহ যাতনা বুকুত লৈ আছিল বুলি মই কল্পনাই কৰিব পৰা নাছিলো… সচাঁকৈয়ে তাইৰ কৃত্ৰিম হাহিঁটোৰ পিছফালে বৰ দুখ লুকাই আছিল……
সত্ৰ নগৰী মাজুলীৰ এখন সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী আছিল তাই। দেউতাক পুলকেশ বৰুৱা ভাৰতীয় ষ্টেট বেংকৰ এজন প্ৰথম শ্ৰেণীৰ বিষয়া, মাক ওচৰৰ হাইস্কুল খনৰ বিষয় শিক্ষয়ত্ৰী…তেজপুৰতো আছিল সিহঁতৰ এটা সুবিশাল অট্টালিকা…
তাইৰ নামভৰ্তি ওচৰৰ শিশু নিকেতন খনতে হৈছিল…
কিন্তু যিমানে তাই ডাঙৰ হৈ গৈছে অনুভৱ কৰিছে যে ঘৰখনত কিবা এটাত অভাৱ আছে… সময়, দেউতাকৰ সিহঁতৰ বাবে সময় নাই… সেইটো কাৰণতে মাক দেউতাকৰ মাজৰ কেতিয়াৱা কাজিয়া হৈছিল…
কিছু দিনৰ পৰা মাক খিংখিঙীয়া হৈছে, মৰমীয়াল মাকজনী ৰুক্ষ হৈ পৰিছিল…
এটা ৰাতি মাক দেউতাকৰ দুৰ্বাদল উচ্চ বাক্যত সাৰ পাই বুকু কপি উঠিছিল তাইৰ…হৃৎস্পন্দন বাঢ়ি গৈছিল তাইৰ… কাণপাতি শুনিবলৈ চেষ্টা কৰিলে…
- আপোনাক এনে স্বভাৱৰ বুলি জনা নাছিলো…ভাবিছিলো বেংকৰ কাম বেছি, সেয়ে আমাৰ বাবে সময় নাই…
- তই কি ভাব মই ইচ্ছা কৰি সময় নিদো তহঁঁতক
- নহয় ব্যস্ততা আছে কিন্তু আপুনি বেংকৰ কামত নহয়, অন্য কামত হে ব্যস্ত। চিঃ লাজ নালাগে…ঘৰখনৰ কথা ভাবিবলৈ সময় নাই…
- বাদদে ঘৰৰ কথা
- সমাজৰ কথা ভাবক… কেনেকে মুখ উলিয়াম আমি
- থ সমাজত কথা।
- ছোৱালী ডাঙৰ হৈছে। বাদ দিয়ক সেইবোৰ,আপোনাৰ ভৰিত ধৰিছো।
- থ' ছোৱালী… কি দিয়া নাই মই তহতক টকা? পইছা? গাড়ী? ঘৰ ?
- পইছাই সকলোবোৰ নহয়। কিমান সময় দিয়ে আপুনি আমাক?
- বেংকৰ ব্যস্ততাৰ বাবে সময় দিব নোৱাৰো। তহঁতক সময় দি বেংকলৈ নোযোৱাকৈ থাকিলেহে হ'ব… খাবি কি মই বেংকলৈ নগলে?? ছোৱালীৰ ভৱিষ্যতৰো কথা আছে।
- জানো জানো, অফিচত কিহৰ ব্যস্ততা… ছোৱালীৰ ভৱিস্যতৰ কথা ইমান চিন্তা কৰা হলে তেনে কাম নকৰিলে হয়… জীয়াই থাকিবলৈ বেছি টকাৰ প্ৰয়োজন নাই, মোৰ চাকৰিৰ টকাৰে চলিব পাৰিম আমি
- চুপ থাক, শুৱলৈ দে মোক…
কি কথাক লৈ মাজৰাতি মাক- দেউতাৰ কাজিয়া লাগিছে, তাই গম নাপালে… সেইদিনাৰ পৰা মাক-দেউতাকৰ মাজত এখন অদৃশ্য ৱালৰ সৃষ্টি হ'ল…কেৱল তাইৰ বাবেহে যেন দুয়ো একেটা ঘৰৰ ভিতৰত আছে… মাকৰ মুখৰ হাঁঁহিটো ম্লান পৰি গ'ল… তাইৰো মনটো ভালে নাথাকে… এনেদৰেই পাৰ হৈ থাকিল চেকেণ্ড, মিনিট, ঘণ্টা, দিন… তাই লক্ষ্য কৰি থাকিল কেইদিন মানৰ ভিতৰতে মাক শুকাই খিনাই গৈছে… হয়টো মানসিক ৰোগ হৈছে,লঅনবৰতে কিবা নহয় কিবা চিন্তা কৰি থাকে মাকে… (আগলৈ)








