কবিৰ টুপি (নৱম খণ্ড)......✍ কেশৱ কুমাৰ শইকীয়া

ৰিতাই ক্লাছ কৰি থাকোতে এবাৰ খিৰিকীৰ বাহিৰলৈ চাওঁতে দেখিলে যে কেইজনমান বাংলাদেশী মানুহে কাষৰ দ পুখুৰীটোত নামি দল আৰু এৰালি টানি টানি চফা কৰি আছে । অসমত যেনেদৰে কম টকাত সকলো কাম কৰি দিয়ে ঠিক তেনেদৰেই  আমেৰিকাত মেক্সিকান সকলে খুউব কম পাৰিশ্ৰিমিকত কাম কৰে ।
আমাৰ মানুহ বিলাকে মুখত বাংলাদেশী বুলি কৈ থাকিলেও পকি ঘৰ আৰু পথ নিৰ্মাণত সিহঁতকে কামত লগোৱা দেখা পোৱা যায় ! ক্লাছ শেষ কৰি নিজৰ নিৰ্দিষ্ট চকীখনত বহিবলৈ লওঁতে তাইৰ ম'বাইলটি বাজি উঠিল -
তাইৰ হাঁহিত মুকুতা মণি সৰে । তাই উকালতি আৰম্ভ কৰিব খুজিও থমকি ৰ'ল । হৃদয়খন এনেদৰে হাহাকাৰ কৰি উঠে । তাইৰ আজি কি নাই ! শিক্ষা, ৰূপ- লাৱণ্য আৰু এটি কুকিল কণ্ঠ আছে । তথাপিও পোৱা নাই অলপো পোৱা নাই শান্তি, চাৰিওফালে কেৱল এখন বিশাল প্ৰাচীৰ । কেতিয়াবা হৃদয়ত ধুমুহা আহে ।তথাপিও অলপো সাৰ মনা নাই । এতিয়া তাই সাংবাদিক হোৱাৰ প্ৰৱল ইচ্ছা আছে । কিন্তু তাইৰ স্বামীয়ে বাৰে বাৰে বাধা দি ৰাখিব বিচাৰে । আজি তাই নিজৰ ল'ৰা ৰাজক এৰি হ'লেও সাংবাদিকৰ বাবে ছয় মাহ ট্ৰেনিং কৰিবলৈ যাবই আৰু হাত খৰচৰ বাবে নিজে কিবা এটি পাৰ্টটাইম কাম কৰিব । এয়াই আছিল তাইৰ জীৱনৰ অন্তিম সিদ্ধান্ত ।গুৱাহাটী চহৰত প্ৰথমে তাই বহুত সংগ্ৰাম কৰিব লগা হৈছিল যদিও শেষত এটা নিউজ চেনেলত বাতৰি পঢ়িবলৈ সুবিধা পাইছিল। তাইৰ এটি সুন্দৰ মনৰ অধিকাৰী আছিল । মৰম লগা চেহেৰাৰ লগতে এটি মিঠা কণ্ঠ আছে । গতিকে আৰু পাৰে কোনে । নিতৌ ব্যস্ততাৰ মাজত থাকিও মাজে মাজে পুনৰ আগৰ দৰে কবিতা লিখিবলৈ এৰা নাছিল । এটি সন্তানৰ মাতৃ হৈও তাই কেনেকৈ লোহিতৰ প্ৰেমত পৰিছিল । কেনেদৰে জীৱনত পুনৰ আবিৰৰ ৰং সানি দিছিল এতিয়াও তাইৰ বুকুত অজানিতে খুন্দা মাৰে !গুৱাহাটী চহৰৰ ৰঙীন লাইটৰ পোহৰত সকলো বন্ধুয়ে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ে ।

এদিন বহু বিশ্বাসী বন্ধু এজনে বন্ধৰ দিনত তাইক ফুৰাবলৈ লৈ যায় আৰু হোটেলতে ভাত খুৱাই ঘৰত থৈ যায় । কথাৰ মাজতে বন্ধুজনে কৈছিল অহাবাৰ শ্বিলংলৈ যাম আৰু হেঁপাহ পলুৱাই ফুৰিম আৰু লাহেকৈ তাইৰ  হাতখন খামুচি ধৰিছিল । এনেদৰে অলপো উশাহ নোলোৱাকৈ তাইৰ বান্ধৱী পিংকীয়ে ম'বাইল ফোনতে সকলো দুখৰ কথা কৈ গ'ল । (আগলৈ)