অসমীয়া চুটিগল্পৰ প্ৰাকক্ষণত এভুমুকি......✍ দিপংকৰ শৰ্মা

আধুনিক জগতৰ আটাইতকৈ জনপ্ৰিয় অংগ হৈছে চুটিগল্প৷ অসমীয়া সাহিত্যতো এই অংগটিৰ যথেষ্ট জনপ্ৰিয়তা পৰিলক্ষিত হয়৷ অসমীয়া সাহিত্যত চুটিগল্পই জন্ম কালৰে পৰাই বৰ্তমানলৈ অনেক স্তৰ অতিক্ৰম কৰি আহি প্ৰতিষ্ঠা লভিছে৷ সেয়ে অসমীয়া চুটিগল্পৰ আলোচনাৰ প্ৰসংগত বিভিন্ন যুগক সময় অনুসৰি সামৰি লোৱা হয় ৷
অসমীয়া চুটিগল্পৰ যুগ বিভাজন প্ৰসংগত বিভিন্নজন পণ্ডিতৰ মাজত মতানৈক্য দেখিবলৈ পোৱা যায় ৷ ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱাই তেওঁৰ "অসমীয়া চুটিগল্পৰ অধ্যয়ন " শীৰ্ষক গ্ৰন্থথখনত অসমীয়া চুটিগল্পৰ আৰম্ভণি যুগটোক আদিযুগ বুলি নামাকৰণ কৰাৰ পৰিৱৰ্তে ডঃ নগেন শইকীয়াই "শতাব্দীৰ পোহৰত অসমীয়া চুটিগল্প" শীৰ্ষক গৱেষণামূক গ্ৰন্থখনত অসমীয়া চুটিগল্পৰ আৰম্ভণি যুগটোক জোনাকীযুগ নামেৰেহে নামাকৰণ কৰিছে ৷
প্ৰথম অসমীয়া চুটিগল্পটোৰ সন্দৰ্ভটো দুয়োজনৰ একেই বিৰোধ ৷ ডঃ প্ৰহ্লাদ কুমাৰ বৰুৱাই তেওঁৰ 'অসমীয়া চুটিগল্পৰ অধ্যয়ন' শীৰ্ষত গ্ৰন্থখনৰ মতে জোনাকীৰ চতুৰ্থ বছৰ অষ্টম সংখ্যাত প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ 'পণ্ডিত মহাশয়',  প্ৰথম অসমীয়া চুটিগল্প ৷ ডঃ নগেন শইকীয়াই 'শতাব্দীৰ পোহৰত অসমীয়া চুটিগল্প 'শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনৰ মতে জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত লক্ষ্মীনাথ বেজবৰুৱাৰ 'সেউতী' হে প্ৰথম অসমীয়া চুটিগল্প৷

অসমীয়া চুটিগল্পৰ যুগ বিভাজন প্ৰসংগত চুটিগল্পৰ আৰম্ভণি যুগটোক আদিযুগ নাইবা জোনাকীযুগ নামেৰে নামাকৰণ কৰিলেও সময়সীমাৰ ফালৰ পৰা পণ্ডিত দ্বয়ৰ মত একে ৷ সময়সীমাৰ ফালৰ পৰা অসমীয়া চুটিগল্পৰ আৰম্ভণি যুগটোৰ সময় ১৮৮৯ চনৰ পৰা ১৯২৯ পৰ্যন্ত এই সময়সীমাৰ গল্পকাৰসকলৰ ভিতৰত অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি শৰৎ চন্দ্ৰ গোস্বামী, দণ্ডিনাথ কলিতা, সূৰ্য্য কুমাৰ ভূঞা, নকুল চন্দ্ৰ ভূঞা আৰু মিত্ৰদেৱ মহন্তই প্ৰধান৷
পাশ্চাত্যৰ চুটিগল্পৰ আৰ্হিত অসমীয়া সাধুকথাৰ উপাদানেৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ কৰে৷ তিনিকুৰি ছটা গল্পৰে অসমীয়া পাঠকক সাহিত্যৰ অভিনৱ সোৱাদ দিয়াৰ প্ৰয়াস কৰা বেজবৰুৱাৰ গল্পপুথি মুঠ চাৰিখন ৷ তাৰে সুৰভি (১৯০৯), সাধুকথাৰ কুঁকি (১৯১০) আৰু জোনবিৰি (১৯১৩) তেওঁৰ জীৱনকালতেই প্ৰকাশিত ৷ 'কেহোঁকলি' (১৯৬৮) সংকলনটি মৰোণত্তৰভাৱে প্ৰকাশিত ৷
ব্যংগধৰ্মী উপস্থাপনশৈলীৰে ৰচনা কৰা গল্পসমূহক লক্ষ্মীনাথ বেজবৰুৱাই সমাজ সংস্কাৰৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷ সেয়ে তেওঁৰ গল্পসমূহত সংস্কাৰকামী চেতনাৰ লগতে জাতীয়তাবাদে বিশেষ স্থান লাভ কৰা দেখা যায়৷ তেওঁৰ 'ভেমপুৰীয়া মৌজাদাৰ', 'জগৰা মণ্ডলৰ প্ৰেমাভিনয়', 'আমাৰ সংসাৰ', ভোকেন্দ্ৰ বৰুৱা', 'ধৰ্মধ্বজ ফয়চলা নবীচ 'আৰু'মলক গুইন গুইন 'আদি গল্পসমূহ এই শ্ৰেণীৰ ভিতৰুৱা৷ অসমীয়া সাহিত্যৰ প্ৰথমজন গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা বেজবৰুৱাৰ গল্পসমূহ চুটিগল্পৰ কলা- কৌশলতকৈ সাধুকথাৰ লক্ষণেৰে বিশেষভাৱে পুষ্ট৷
শিক্ষা আৰু কৰ্মসূত্ৰে প্ৰবাসী জীৱন কটোৱা বেজবৰুৱাদেৱৰ লগত অসমীয়া গাৱঁলীয়া সমাজৰ চিত্ৰ প্ৰকাশ পোৱাৰ উপৰিও কলিকতাৰ বঙালী সমাজখনত থকা প্ৰবাসী অসমীয়া সমাজখন আৰু উৰিষ্যাৰ প্ৰবাসী অসমীয়া সমাজখন সুন্দৰকৈ প্ৰতিফলিত হৈছে৷
প্ৰবাসী অসমীয়াৰ জীৱন প্ৰতিফলিত হোৱা বেজবৰুৱাৰ গল্পসমূহৰ ভিতৰত 'পুত্ৰৱান পিতা', পণ্ডিত মহাশয়, 'ৰতনমুণ্ডা কাশীবাসী', 'মিষ্টৰ ফিন্সন', 'লাওখোলা', 'ভুৰুকী বৌ' আদি অন্যতম৷
বেজবৰুৱা দেৱৰ গল্পত অসমীয়া সমাজৰ দুটা বিশেষ কাল অংকিত হৈছে৷ সেয়া হ'ল লিখকৰ সমকালীন অসমীয়া সমাজ আৰু পুৰণি অসমীয়া সমাজ৷ সমকালীীন অসমীয়া সমাজখনক প্ৰতিবিম্বিত কৰিবলৈ গৈ বেজবৰুৱাই অংকন কৰিছে অসমীয়া সমাজত প্ৰচলিত জাত-পাতৰ ব্যৱস্থা, পাশ্চাত্য ধ্যান- ধাৰণাৰ অন্ধ অনুকৰণ, নতুন ধনী আমোলাৰ ভেমৰ বিপৰীতে তীব্ৰ সমালোচনা৷ 'লম্বোদৰ ডেকা', 'মিলাৰামৰ আত্মজীৱনী', 'ধোৱা-খোৱা', 'ভোকেন্দ্ৰ বৰুৱা', 'ভেমপুৰীয়া মৌজাদাৰ', 'ঘণ্টাকৰ্ণ শৰ্মা' আদি এই শ্ৰেণীৰ গল্পৰ উৎকৃষ্ট উদাহৰণ৷
নাৰীৰ প্ৰতিও বেজবৰুৱাৰ আছিল সমমৰ্মিতা৷ তেওঁৰ সেউতী, পাতমুগী, ভদৰী আদি গল্পত নাৰীমুক্তিৰ স্বাভাৱিক আবেদন প্ৰকাশ পোৱা পৰিলক্ষিত হয়৷
লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতেই এই কালৰ অন্যতম গল্পকাৰ হিচাপে নাম ল'ব পাৰি শৰৎচন্দ্ৰ গোস্বামীৰ ৷ জোনাকী, উষা, বাঁহী আলোচনী আদিত গল্পৰ চৰ্চা কৰা গোস্বামীৰ উল্লেখযোগ্য গল্প সংকলনসমূহ হ'ল- 'গল্পাঞ্জলী' (১৯১৪), 'মইনা' (১৯২০), 'বাজীকৰ'(ট (১৯৩০) আৰু 'পৰিদৰ্শন'! বেজবৰুৱাৰ গল্পৰ দৰে এওঁৰ গল্পটো সুখ- দুখ,আশা- নিৰাশা সমন্বিত অসমীয়া গ্ৰাম্য সমাজখন ফুটি উঠিলেও বেজবৰুৱাৰ গল্পৰ দৰে এওঁৰ গল্পত নাই হাস্যৰস বা ব্যংগভাৱৰ প্ৰাধান্য ৷ কলা-কৌশলৰ ফালৰ পৰা গোস্বামীৰ গল্প লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পতকৈ উন্নত৷
সাধৰণ মানুহৰ প্ৰতি গভীৰ সহানুভূতি, নিয়তিৰ পৰিহাস, নাৰী ভাবনাৰ প্ৰকাশ আদি লক্ষণে শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পত বিশেস প্ৰাধান্য লাভ কৰিছে ৷ মানুহৰ অসহায়তাক কলাত্মক ৰূপ দিয়া গোস্বামীৰ বহুকেইটা গল্পৰ কেন্দ্ৰীয ভাৱ হ'ল দ্বন্দ্ব! তেওঁৰ সন্যাসিনী, নদৰাম, ব্ৰহ্মপুত্ৰৰ বুকুত আদি গল্পত যিদৰে হৃদয় বৃত্তি বা প্ৰবৃত্তিৰ দ্বন্দ্ব প্ৰকাশ পাইছে৷ সেইদৰে ঘুনুচা, নৈৰ দাঁতিত, পশুপতিৰ বিয়া আদি গল্পত প্ৰকাশ পাইছে ব্যক্তি আৰু সমাজৰ মাজত হোৱা দ্বন্দ্ব ৷ তেওঁৰ সন্যাসিনী আৰু ব্ৰহ্মপুত্ৰৰ বুকুত শীৰ্ষক গল্পকেইটা নাৰী ভাৱনাৰ অকৃত্ৰিম প্ৰকাশ ৷ ৰোমাণ্টিক কোমল অনুভূতিৰ শিহৰণ শৰৎ চন্দ্ৰ গোস্বামীৰ গল্পৰ ভাৱবস্তুৰ অন্যতম দিশ৷
দণ্ডিনাথ কলিতা এই সময়ৰ আন এজন গল্পকাৰ ৷ অসমীয়া চুটিগল্পৰ বোধন কালত গল্পকাৰজনাৰ অৱদান অনস্বীকাৰ্য ৷ সাতসৰী (১৯২৫) কলিতাৰ একমাত্ৰ গল্প সংকলন! তেওঁৰ গল্পৰ বিষয়বস্তু আৰু ব্যক্তব্য সৰল আৰু গতানুগতিক ৷ সমাজৰ আঢ্যবন্ত শ্ৰেণীটোৰ ব্যক্তি কেন্দ্ৰীকতা আৰু এই ব্যক্তিকেন্দ্ৰীকতাৰ বলি স্বৰূপ সাধৰণ শ্ৰেণীৰ জীৱন যন্ত্ৰণা কলিতাৰ গল্পৰ মূখ্য উপজীব্য ৷ সামাজিক কু-সংস্কাৰৰ প্ৰতি দণ্ডিনাথ কলিতাৰ আছিল সচেতন দৃষ্টি ৷ হৰিচৰণৰ বিয়া,সধৱ নে বিধৱা নে কুমাৰী আদি গল্পত তেওঁৰ সামাজিক কু- সংস্কাৰৰ প্ৰতি থকা চেতনাৰ উমান পোৱা যায়৷
'পঞ্চমী ' (১৯২৭) নামৰ গল্প সংকলনটিৰে অসমীয়া গল্প সাহিত্যৰ জগতখনলৈ অৱদান আগবঢ়াই থৈ যোৱা এই সময়ৰ এজন গল্পকাৰ হ'ল সূয্যকুমাৰ ভূঞা ৷ মানিক বৰা, শিলা নহয় ফুল, আমিনা, তেতিয়া আৰু এতিয়া, বিজুলী শীৰ্ষক মাত্ৰ পাঁচটা গল্পৰে অসমীয়া পাঠক সমাজক চুটিগল্পৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ কৰা তেওঁৰ প্ৰয়াস প্ৰশংসনীয় ৷ তেওঁ এই গল্পকেইটাৰ মাধ্যমেৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ মানসিকতাক চিত্ৰায়িত কৰিবলৈ যত্ন কৰিছে৷
দাৰিদ্ৰ আৰু প্ৰেমক গল্পৰ প্ৰধান উপজীব্য হিচাপে লৈ গল্প ৰচনাত মনোনিৱেশ কৰা নকুলচন্দ্ৰ ভূঞা এই সময়ৰ এজন পৰিচিত গল্পকাৰ ৷ বাঁহী, চেতনা আদি আলোচনীৰ মাধ্যমেৰে গল্প চৰ্চাৰ পাতনি মেলা ভূঞাৰ গল্প সংকলনকেইখন হ'ল- চোৰাংচোৱাৰ চ'ৰা (১৯১৮), জোনোৱালী (১৯৩৩) আৰু গল্পৰ শৰাই (১৯৬২) তেওঁক অসমীয়া গল্প সাহিত্যৰ বুৰঞ্জীত প্ৰথম স্তৰৰ গল্প লেখক হিচাপে ধৰা হয় যদিও তেওঁ আৱাহন কাকততো গল্প লিখিছিল৷ সেই ফালৰ পৰা তেওঁক যুগসন্ধিৰ গল্পকাৰো বুলিব পাৰি ৷ মিত্ৰদেৱ মহন্ত এই সময়ৰে এজন গল্পকাৰ ৷ 'চন্দ্ৰহাৰ'(১৯২৫) তেওঁৰ গল্প সংকলন!

উপৰোক্ত গল্পকাৰসকলৰ প্ৰচেষ্টাতেই অসমীয়া চুটিগল্পৰ পুলিটিয়ে ডাল- পাত মেলি ডাঙৰ হ'বলৈ আৰম্ভ কৰে ৷ চুটিগল্পৰ কলা- কৌশলৰ সম্পূৰ্ণ সাৰ-পানী অবিহনেই বৃদ্ধি লাভ কৰা সেই পুলিটিয়েই পলসত এদিন ফুলে-ফলে জাতিস্কাৰ হৈ পৰিল ৷

প্ৰসংগ পুথিঃ
১) শইকীয়া ডঃ নগেন -শতাব্দীৰ পোহৰত অসমীয়া চুটিগল্প
২)বৰুৱা ডঃ প্ৰহ্লাদ কুমাৰ- অসমীয়া চুটিগল্পৰ অধ্যয়ন
৩)শৰ্মা ডঃ হেমন্ত কুমাৰ- অসমীয়া সাহিত্যত দৃষ্টিপাত
৪) শৰ্মা ডঃঃ সত্যেন্দ্ৰ নাথ- অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত