স্পৰ্শ......✍ আইলুং লাহন বৰা

(এক)
বৰষুণৰ টোপালবোৰৰ স্পৰ্শত,
শীতৰ ফেৰফেৰীয়া মলয়াজাকৰ স্পৰ্শত
বৰ অসহায়ভাৱে কান্দি উঠে
পদপথৰ নিবস্ত্রজনে...
স্পৰ্শত উম লাগে, শীতলতা নহয়
...আৰু জঠৰ নিশাবোৰত
মেৰ বান্ধি বহে যন্ত্রণাৰ মৰনৈ....

(দুই)
যি স্পৰ্শত থাকে নিৰাপত্তা,
যাৰ বুকুৰ স্পৰ্শত লিখা থাকে
হেজাৰ চটিয়না ফুলৰ এপিটাফ
সেই স্পৰ্শ এদিন এলাগী হয়
পৰি ৰয় কোনো নিৰ্জন কোণত
চকুলোৰ সাগৰ এখন হৈ...

(তিনি)
চকুৰ পৰা হিয়ালৈ,
আঙুলিৰে দেহালৈ.....
বৈ যায় স্পৰ্শৰ নিৰৱধি নৈ
হঠাতে এদিন হাঁকো চিঙি
ৰুদ্ধ হৈ পৰে উশাহ
নিৰুত্তাপ স্পৰ্শক ৰিক্ততাৰে জুখি....

(চাৰি)
স্পৰ্শই দিয়ে স্থিতপ্রজ্ঞতাৰ পৰিচয়
জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ,
পৰিপূৰ্ণতাৰ আকাংক্ষা...
এচিকুট স্পৰ্শই কঢ়িয়াই আনে
কাঁচিয়লি অনুভূতিৰ নিৰবধি ধাৰা
স্বৰ্ণমৃগৰ অন্তহীন মায়া.....