আজি আইৰ খং দেখি
ধূলিৰে ধূসৰিত পথেদি
ৰ'দ জাক অহা যোৱা কৰে
এবোজা দুখ ওলমি ৰয়
আইৰ লাই লিকিৰাৰ দেহত
চিনাকি মলয়াৰ অচিনাকি নৃত্যত
মিলি গৈছে আইৰ ক্ষোভ
বিষাদ গ্ৰস্থ হৈ পৰিছে আইৰ উভৈনদী বক্ষ
ককা আইতাৰ কেঁকনি নুশুনা দিনৰে পৰা
বৰ গছ জৰী গছ আঁহত গছৰ সমন্বয় ৰক্ষিত হৈছিল
কেঁচা সেউজী পাতৰ চিনাকি গোন্ধত
খৰ গতিৰে অহা যোৱা কৰে
ঘমাসিক্ত ধমনীৰ ৰিক্ত ৰুধিৰ
আপোন ভোলা আইৰ মন
আপোন ভোলা মানুহৰ গান
আজি আইৰ বুকুত ধাৰাল অস্ত্ৰৰ হিংসুককোব
যান্ত্ৰণাৰ কেঁকনিত আশীৰ্বাদৰ ইতিকিং
আইৰ সকলো সন্তান মানুহ নহ'ল..…!
আজি আইৰ বুকু উপচি পৰিছে ঔপসৰ্গিক সমস্যাৰে
অভুকীয়া গতিৰে আইৰ গমন
থুৰুহিতে আইৰ চোতালত অপদীয়া কীটৰ মুক্ত বিচৰণ
বিষাক্ত কীটৰ কাঁইটীয়া গমন
আইৰ বৰঘৰত বৰপীৰা পাৰি বহিবলৈ নিমন্ত্ৰণ
বাদনৰূপী সন্তানৰ এই আয়োজন ।
অমানুহৰ বেঙেটি চোৰা সদৃশ কাৰ্য নিৰূপন
আজি আইৰ খং উঠিছে
তথাপি আইৰ প্ৰতিবাদ ক্ষান্ত নহয়
তন মন ধন বৰলুইতৰ সোঁত হৈ বয়।
ধূলিৰে ধূসৰিত পথেদি
ৰ'দ জাক অহা যোৱা কৰে
এবোজা দুখ ওলমি ৰয়
আইৰ লাই লিকিৰাৰ দেহত
চিনাকি মলয়াৰ অচিনাকি নৃত্যত
মিলি গৈছে আইৰ ক্ষোভ
বিষাদ গ্ৰস্থ হৈ পৰিছে আইৰ উভৈনদী বক্ষ
ককা আইতাৰ কেঁকনি নুশুনা দিনৰে পৰা
বৰ গছ জৰী গছ আঁহত গছৰ সমন্বয় ৰক্ষিত হৈছিল
কেঁচা সেউজী পাতৰ চিনাকি গোন্ধত
খৰ গতিৰে অহা যোৱা কৰে
ঘমাসিক্ত ধমনীৰ ৰিক্ত ৰুধিৰ
আপোন ভোলা আইৰ মন
আপোন ভোলা মানুহৰ গান
আজি আইৰ বুকুত ধাৰাল অস্ত্ৰৰ হিংসুককোব
যান্ত্ৰণাৰ কেঁকনিত আশীৰ্বাদৰ ইতিকিং
আইৰ সকলো সন্তান মানুহ নহ'ল..…!
আজি আইৰ বুকু উপচি পৰিছে ঔপসৰ্গিক সমস্যাৰে
অভুকীয়া গতিৰে আইৰ গমন
থুৰুহিতে আইৰ চোতালত অপদীয়া কীটৰ মুক্ত বিচৰণ
বিষাক্ত কীটৰ কাঁইটীয়া গমন
আইৰ বৰঘৰত বৰপীৰা পাৰি বহিবলৈ নিমন্ত্ৰণ
বাদনৰূপী সন্তানৰ এই আয়োজন ।
অমানুহৰ বেঙেটি চোৰা সদৃশ কাৰ্য নিৰূপন
আজি আইৰ খং উঠিছে
তথাপি আইৰ প্ৰতিবাদ ক্ষান্ত নহয়
তন মন ধন বৰলুইতৰ সোঁত হৈ বয়।







