তৰাৰে বুটাবছা পদূলিত
আজি দেৱদাৰুৰ শূন্যতা,
প্ৰত্যহিক দেখিছো অৱক্ষয়ৰ চিত্ৰ।
নাচোনৰ বা লগা দিনত
ইমান ফৌফৌৱা অনুভৱ,
মটক মটকৈ ভাগে বলাৎকাৰত অতীতৰ সোণোৱালী।
ক'লা চিয়াহীৰ বাচ্যাবাচ্যি
নতুন বা পুৰণিক লৈ কি বা পাৰ্থক্য(?)
আগচোতালত এতিয়া গৰখীয়া নবহে;
ম'হৰ উপদ্ৰৱত কল পিঠা খাই
অ' হৰি অ' ৰাম বোলা শব্দবোৰ
পলাই পতং দিলে।
প্ৰত্যহ প্ৰজনিকাত প্ৰচ্যুতি চেকা,
প্ৰদীপ্ত ৰীতি-নীতিত ধ্বংসমুখী শূন্যতা,
বাৰে বঙলুৱা কৰিছে এই ধৰণী।
তাৰমানে সূৰ্যটো সাগৰৰ তলিত শেষ হ'ব,
মহাজগতত ম্লান পৰিব।
আজি দেৱদাৰুৰ শূন্যতা,
প্ৰত্যহিক দেখিছো অৱক্ষয়ৰ চিত্ৰ।
নাচোনৰ বা লগা দিনত
ইমান ফৌফৌৱা অনুভৱ,
মটক মটকৈ ভাগে বলাৎকাৰত অতীতৰ সোণোৱালী।
ক'লা চিয়াহীৰ বাচ্যাবাচ্যি
নতুন বা পুৰণিক লৈ কি বা পাৰ্থক্য(?)
আগচোতালত এতিয়া গৰখীয়া নবহে;
ম'হৰ উপদ্ৰৱত কল পিঠা খাই
অ' হৰি অ' ৰাম বোলা শব্দবোৰ
পলাই পতং দিলে।
প্ৰত্যহ প্ৰজনিকাত প্ৰচ্যুতি চেকা,
প্ৰদীপ্ত ৰীতি-নীতিত ধ্বংসমুখী শূন্যতা,
বাৰে বঙলুৱা কৰিছে এই ধৰণী।
তাৰমানে সূৰ্যটো সাগৰৰ তলিত শেষ হ'ব,
মহাজগতত ম্লান পৰিব।







