সুগন্ধিৰ ফুল বুটলি লোৱা বাটৰুৱা মই......✍ ৰতন ৰাগ

হাঁহি আৰু ওঠৰ ৰামধেনু 
তোমাৰ দুচকুত ফুলে
কেতিয়াও নেদেখা নৈ খন
জিলিকি উঠে ৰ'দৰ পোহৰত

ওঠৰ পৰসত
সেউজীয়া ঘাঁহনিৰে ঘৰ সাজে
তোমাৰ নখবোৰ

নখ বোৰত সুগন্ধিৰ এটা হাঁহি
মৌনতাৰে মোৰ চকুযুৰিক
অলপ জিৰাবলৈ দিয়া
তোমাৰ সুগন্ধি হাঁহিত
সুগন্ধিৰ ফুল বুটলি লোৱা বাটৰুৱা মই

হাঁহিবোৰ সেউজীয়া হৈ থাকিব দিয়া
মৌন হৃদয়ে চুই চাব
এক সপোন সেউজীয়া৷

ঠিকনাঃ মৰিগাঁও