নীলা খামৰ চিঠি .....✍ গোলাপ চাংমাই

মোৰ
মৰমৰ "পাহাৰী"
সব্বপ্রথমে “সত্যম শিৱম সুন্দৰম” বুলি “অগ্নিসাক্ষী” কৰি “জোনাক নিশা” ত বহি “বাবা লোকনাথ” নাম লৈ পঠালো “এই মৰম তোমাৰ বাবে” । নাজানো তুমি এই “অধিনায়ক” ৰ চিঠিখন কেনেদৰে আদৰি লোৱা। তথাপি আশা কৰো তুমি এই দুৰ্ভগীয়া চিঠিখন আদৰি ল'বা। “পাহাৰী” নাজানো তোমাৰলৈ মোৰ “ইমান মৰম কিয় লাগে” ? এইটোৰো নাজানো তোমাৰ “মৰমে মৰম বিচাৰে” নে ? হ'ব যিয়ে নহওক কিয় তুমি মোৰ মনৰ আকাশত থকা এটি উজ্জ্বল “তৰা” আৰু তুমি যিয়ে নভাবা কিয় “তুমি মোৰ মাথো মোৰ” । জানা “পাহাৰী” প্রথম যিদিনা “ৰংমন” ত তোমাৰ চকুত চকু পৰি মোৰ চকু কেইটিয়ে কেনেদৰে হাঁঁহিছিল। মই তেতিয়াই গম পালো জানা । কি চকু এনেই নাহাঁঁহে আৰু নামাতে । হাঁঁহে মাথো “প্রেম ভৰা চকুলো” ত আৰু এটা কথা কি জানা “পাহাৰী” প্রথম যিদিনা তোমাক দেখা পাইছিলো এনে লাগিছিল তোমাক “কি নাম দি মাতিম” ? “প্রিয়া অ’ প্রিয়া” নে “ভাগ্যলিপি” নে “দেৱী” নে “কাদম্বৰী”৷
জানা “পাহাৰী” এই “বসুন্ধৰা”ত জন্ম গ্রহণ কৰি “দিনবন্ধু” সন্মুখত আহি “ভুমিপূ্ত্র” হৈ “প্রেম জনমে জনমে” বুলি তোমাৰ প্রেমৰ “নায়ক” হৈ ভৰি দিলো “মৰম নদী গাভৰু ঘাত”ত৷ তুমিটো জানা “জোনাক বিহীন জীৱন” ৰ অবিহনে কোনেও “জীৱন তৃষ্ণা” গুচাব নোৱাৰে । তাতে “জীৱন নদীৰ দুটি পাৰ”ত “তোমাৰ মৰমে মোৰ” হৃদয় এনেদৰে চুই যায় যে “তোমাৰ অবিহনে” মই কাকো আপোন কৰি ল'ব নোৱাৰো । তুমি কাষত থকিলে “গুন গুন গানে গানে”, “মিঠা মিঠা লগন” ত এনে অনুভৱ হয়। তুমি “দেৱী”, তুমি “মইনাজান”, তুমি মোৰ মনৰ আকাশত থকা এটি উজ্জ্বল “সন্ধ্যাতৰা” । জানা “পাহাৰী” মোৰ “স্নেহ বন্ধন” ত সদায় থাকে “হিয়াৰ দাপোনত তোমাৰে ছবি”৷ তোমাৰ বাৰু “আছেনে কোনোবা হিয়াত” ?
“বিধাতা” কি যে লিখন৷ আজি কালি মোৰ এনে অনুভৱ হয় আমি বাৰু “অন্য এক যাত্রা” ত গৈ আছো নেকি ? আকৌ অনুভৱ হয় এই বয়সত “হিয়া দিয়া নিয়া” কোনো অপৰাধ নহয়। তুমিটো জানা যৌৱন পালে ডেকা-গাভৰু মনত কি দৰে “যৌৱনে আমনি কৰে” আৰু আপোন জনে আপোন জনক কাষত নাপালে কি দৰে “বুকুৰ মাজত জলে”৷
“পাহাৰী” তোমাৰ বাৰু মোৰ “জীৱন বাটৰ লগৰী” হবলৈ “মন যায়” নে ? ক'বলৈ “মন” যায় নে “দেউতা দিয়া বিদায়” ? “মন যায়” নে তোমাৰ “বোৱাৰী” হ'বলৈ ? “মন যায়” নে তোমাৰ “নতুন বোৱাৰী” হৈ আপোন জনৰ ঘৰলৈ যাবলৈ ? তাতে তুমি হবা ঘৰ খনৰ “সৰু বোৱাৰী”৷
হ'ব বহুত কিবা কিবি “যোগ-বিয়োগ” কৰি লিখিলো । “শেষ উপহাৰ” বুলি “I LOVE U” । শেষত “হৃদয়ৰ আৰে আৰে” সাঁচি থোৱা মৰমবোৰ তোমাক বাৰু কেতিয়া খুলি ক'ব পাৰিম তাৰ আশাৰে.........৷

প্ৰান্তত
তোমাৰ মৰমৰ
"সুৰুজ"