এটি প্ৰেমৰ কবিতা .....✍ মৃণাল কুমাৰ বৰা

স্পৰ্শত গুণগুণায় এটি সূৰ্যই
অতি সংগোপনে আশ্ৰয় লয়
ভালপোৱাৰ প্ৰিয় অনুভৱত

ওঁ‌ঠত সুহুৰি তুলি সাবটে গুণগুণনি
উত্তাপত উমাল হয় স্বপ্নৰ চৰাই

যন্ত্ৰণাই দগ্ধ নকৰে আঁ‌চল
বৰঞ্চ লহপহকৈ ফুলে কৃষ্ণচূড়া
বিলায় সুগন্ধি, তিৰবিৰায়
এছাটি ৰ'দালি পুৱা

জীপাল সপোন ছাঁ‌ হৈ ওমলে
পোহৰাই পদূলি, খোল খায়
হৃদয়ৰ দুৱাৰ।

দূৰভাষঃ ৯৮৬৪১৩৬৭০০