বসন্তৰ ফিৰফিৰীয়া সুবাস তুমি
উৰ্বৰ হিয়াত গজালি মেলা প্ৰেমৰ বীজ,
ৰিনিকি ৰিনিকি ভাঁহি অহা
নিজানৰ বিহুগীত ।
নগ্ন বৃক্ষৰ নৱ পল্লৱ তুমি
মোৰ মন আকাশৰ এটুকুৰা আলসুৱা জোন
কলিজাত আউল লগোৱা
এটি তেজে ধোৱা সপোন ।
ধূসৰ হোৱা মনত সেউজ বোলোৱা
তুমি বসন্তৰ এজাক ৰিমঝিম বৰষা,
সপোনৰ চানেকিৰে তোলা
মন গামোচাত বচা বুটা ।
দেহৰ ৰন্ধ্ৰে - ৰন্ধ্ৰে, হৃদয়ৰ কোঁহে-কোঁঁহে
কুৰুকি থকা এটি পোক তুমি
প্ৰতিপল- অনুপল অগাদেৱা কৰা
মোৰ সিৰা- উপসিৰাৰ শোণিত তুমি।
উৰ্বৰ হিয়াত গজালি মেলা প্ৰেমৰ বীজ,
ৰিনিকি ৰিনিকি ভাঁহি অহা
নিজানৰ বিহুগীত ।
নগ্ন বৃক্ষৰ নৱ পল্লৱ তুমি
মোৰ মন আকাশৰ এটুকুৰা আলসুৱা জোন
কলিজাত আউল লগোৱা
এটি তেজে ধোৱা সপোন ।
ধূসৰ হোৱা মনত সেউজ বোলোৱা
তুমি বসন্তৰ এজাক ৰিমঝিম বৰষা,
সপোনৰ চানেকিৰে তোলা
মন গামোচাত বচা বুটা ।
দেহৰ ৰন্ধ্ৰে - ৰন্ধ্ৰে, হৃদয়ৰ কোঁহে-কোঁঁহে
কুৰুকি থকা এটি পোক তুমি
প্ৰতিপল- অনুপল অগাদেৱা কৰা
মোৰ সিৰা- উপসিৰাৰ শোণিত তুমি।







