এটা ধুনীয়া আৰু মৰমলগা সপোন
খোপনি পুতি বহিলেহি
এদিন মোৰ কলিজাত,
মই অনুভৱ কৰিছো
সেই আঘোণৰ সেউজীয়া ধাননী পথাৰত
আপোন ভোলা বৈ ব্যস্ত থকা
ধুনীয়া ছোৱালীজনী
তাইৰ মৰমলগা হাঁহি
আছিলো তাইৰ সবিশেষ জনাত প্ৰাৱল্য ইচ্ছুক
কিজানিবা ছোৱালীজনী চিনাকি
সপোনটোৱে মোৰ হৃদয়ৰ অনুভূতি সলনি কৰি পেলাইছে
সেই আঘোণ সেউজীয়া পথাৰৰ দৰেই
মই সেউজীয়া হ'ব ধৰিছো
কি হ'ব ধৰিছে মোৰ
মই সেই সেউজীয়া পথাৰৰ মাজত
বিলিন হ'ব খোজিছো
মোৰ সপোনটোৱে
নীলা আকাশখন চুব খোজে,
উৰুৱাব খোজে এখন সেউজীয়া চিলা
সপোনটোৰ দৰে মই ব্যাকুল হৈ ৰও
যেন এক আশাৰ বৰষুণেে
মোৰ এই সেউজীয়া সপোন বাস্তৱ কৰে৷
খোপনি পুতি বহিলেহি
এদিন মোৰ কলিজাত,
মই অনুভৱ কৰিছো
সেই আঘোণৰ সেউজীয়া ধাননী পথাৰত
আপোন ভোলা বৈ ব্যস্ত থকা
ধুনীয়া ছোৱালীজনী
তাইৰ মৰমলগা হাঁহি
আছিলো তাইৰ সবিশেষ জনাত প্ৰাৱল্য ইচ্ছুক
কিজানিবা ছোৱালীজনী চিনাকি
সপোনটোৱে মোৰ হৃদয়ৰ অনুভূতি সলনি কৰি পেলাইছে
সেই আঘোণ সেউজীয়া পথাৰৰ দৰেই
মই সেউজীয়া হ'ব ধৰিছো
কি হ'ব ধৰিছে মোৰ
মই সেই সেউজীয়া পথাৰৰ মাজত
বিলিন হ'ব খোজিছো
মোৰ সপোনটোৱে
নীলা আকাশখন চুব খোজে,
উৰুৱাব খোজে এখন সেউজীয়া চিলা
সপোনটোৰ দৰে মই ব্যাকুল হৈ ৰও
যেন এক আশাৰ বৰষুণেে
মোৰ এই সেউজীয়া সপোন বাস্তৱ কৰে৷







