বকুল বাগৰিছে মোৰ পদূলিতে
বুলি এমুঠি নিয়া -
বকুলৰ সুবাসে দুখ- শোক আঁতৰাই
শুচি কৰে মোৰ হিয়া ৷
মোৰ পদূলি - মোৰ বৃন্দাৱন
মোৰ বাগিচাত নাচে মৌ-গণ্
গুণ্ গুণ্ গুণ্
নুবুজো সেই গীত
লহৰত পাহৰো দুখৰ অতীত ৷
তুমি আহিবা বকুলো বুটলিবা
নিচিঙিবা ফুলৰ পাহি,
তুমি সুখী হ'লে ময়ো সুখী হ'ম
বিষাদৰ পাছতো বিৰিঙিব হাঁহি৷
ঠিকনাঃ ধুবুৰী
বুলি এমুঠি নিয়া -
বকুলৰ সুবাসে দুখ- শোক আঁতৰাই
শুচি কৰে মোৰ হিয়া ৷
মোৰ পদূলি - মোৰ বৃন্দাৱন
মোৰ বাগিচাত নাচে মৌ-গণ্
গুণ্ গুণ্ গুণ্
নুবুজো সেই গীত
লহৰত পাহৰো দুখৰ অতীত ৷
তুমি আহিবা বকুলো বুটলিবা
নিচিঙিবা ফুলৰ পাহি,
তুমি সুখী হ'লে ময়ো সুখী হ'ম
বিষাদৰ পাছতো বিৰিঙিব হাঁহি৷
ঠিকনাঃ ধুবুৰী







