তুমি যেন এটি যন্ত্ৰ
পুৱাতেই যোৱা তুমি কাৰখানালৈ।
হাতুৰী মাৰি থাকোতে
হাত দুখনো হ'ল শিলৰ দৰে কঠিন,
ভৰিহালো উখহিল।
দুবাহুৰ শক্তিৰে কৰি যোৱা
তোমাৰ শ্ৰমদান৷
বিৰতিবিহীন জীৱন তোমাৰ
সূৰ্য উদয়ৰ পৰা অস্ত যোৱালৈ৷
দেশৰ উন্নতিত অৰিহণা যোগোৱা
নিজৰ ঘৰৰ চাল কিন্তু উৰুখা,
আকাশৰ তৰা গণিব পৰা।
পূৰাব নোৱাৰা সন্তানৰ অভাৱ
নাই পুতলা, নাই খেলনা
বিচাৰে আইচক্ৰীম চকলেট।
খেলিছে ধূলিবালিত লেটপেট হৈ
তেনেকৈয়ে লভে সন্তুষ্টি ।
ভগৱানো থাকে তোমাৰ পৰা বহু নিলগত
নেদেখে তোমাৰ দুখ, কষ্ট
তুমিটো নোহোৱা নিৰীশ্বৰ,
লোৱা নিতৌ ৰাম নাম,
তাতেই যেন পোৱা শান্তি আৰু সাহস ।
এনেদৰে ঘূৰে তোমাৰ জীৱন চক্ৰ
সমাজৰ পৰাও তুমি বহু আঁতৰত
অথচ তুমি দেশৰ গৌৰৱ ।
দেশৰ উন্নতিৰ পথত আছে
তোমাৰ দৰে শতজনৰ শ্ৰম, বলিদান, চকুপানী
শ্ৰমৰ মৰ্যাদা জানো এইয়া
সামান্য পাৰিশ্ৰমিক,
অভাৱ পূৰা হ'ব কেনেকৈ?
যি খোৱা তাতেই যেন তৃপ্তি,
সেয়াই যে ভোজনীয়ও নহয়।
চুট পিন্ধাৰ চখ পূৰা হয়, পুৰণি ফটা বস্ত্ৰতেই
এ চিত থকাৰ সুখ লোৱা তুমি ফুটপাথতেই।
তোমাৰ ছাঁতেই শান্তি পায় পিতৃ মাতৃ, সন্তান,
পত্নীয়ে ----
আকাশৰ তৰা গণি গণিয়েই যেন
সুখ নিদ্ৰা যোৱা।
জীৱন যুঁজৰ যুজাৰু তুমি
তুমি সাহসী,
তুমি অভিমানী
দেশৰ জয় জয় ময় ময়ৰ
আঁৰতেই তুমি,
আত্ম সন্তোষেই হৈছে জীৱনৰ লক্ষ্য।
হে মজদুৰ ভাই,
তোমাক শত নমস্কাৰ
শত নমস্কাৰ৷
পুৱাতেই যোৱা তুমি কাৰখানালৈ।
হাতুৰী মাৰি থাকোতে
হাত দুখনো হ'ল শিলৰ দৰে কঠিন,
ভৰিহালো উখহিল।
দুবাহুৰ শক্তিৰে কৰি যোৱা
তোমাৰ শ্ৰমদান৷
বিৰতিবিহীন জীৱন তোমাৰ
সূৰ্য উদয়ৰ পৰা অস্ত যোৱালৈ৷
দেশৰ উন্নতিত অৰিহণা যোগোৱা
নিজৰ ঘৰৰ চাল কিন্তু উৰুখা,
আকাশৰ তৰা গণিব পৰা।
পূৰাব নোৱাৰা সন্তানৰ অভাৱ
নাই পুতলা, নাই খেলনা
বিচাৰে আইচক্ৰীম চকলেট।
খেলিছে ধূলিবালিত লেটপেট হৈ
তেনেকৈয়ে লভে সন্তুষ্টি ।
ভগৱানো থাকে তোমাৰ পৰা বহু নিলগত
নেদেখে তোমাৰ দুখ, কষ্ট
তুমিটো নোহোৱা নিৰীশ্বৰ,
লোৱা নিতৌ ৰাম নাম,
তাতেই যেন পোৱা শান্তি আৰু সাহস ।
এনেদৰে ঘূৰে তোমাৰ জীৱন চক্ৰ
সমাজৰ পৰাও তুমি বহু আঁতৰত
অথচ তুমি দেশৰ গৌৰৱ ।
দেশৰ উন্নতিৰ পথত আছে
তোমাৰ দৰে শতজনৰ শ্ৰম, বলিদান, চকুপানী
শ্ৰমৰ মৰ্যাদা জানো এইয়া
সামান্য পাৰিশ্ৰমিক,
অভাৱ পূৰা হ'ব কেনেকৈ?
যি খোৱা তাতেই যেন তৃপ্তি,
সেয়াই যে ভোজনীয়ও নহয়।
চুট পিন্ধাৰ চখ পূৰা হয়, পুৰণি ফটা বস্ত্ৰতেই
এ চিত থকাৰ সুখ লোৱা তুমি ফুটপাথতেই।
তোমাৰ ছাঁতেই শান্তি পায় পিতৃ মাতৃ, সন্তান,
পত্নীয়ে ----
আকাশৰ তৰা গণি গণিয়েই যেন
সুখ নিদ্ৰা যোৱা।
জীৱন যুঁজৰ যুজাৰু তুমি
তুমি সাহসী,
তুমি অভিমানী
দেশৰ জয় জয় ময় ময়ৰ
আঁৰতেই তুমি,
আত্ম সন্তোষেই হৈছে জীৱনৰ লক্ষ্য।
হে মজদুৰ ভাই,
তোমাক শত নমস্কাৰ
শত নমস্কাৰ৷







