আশা এক যাত্ৰ .....✍ দিবাকৰ বৰুৱা

আশাবোৰে যেতিয়া
কৃষ্ণচূড়াৰ ৰঙৰ ফাকু সানে
মনত হেঁপাহবোৰ পচোৱা হৈ বগাই যায়
কোনোবা অচিনা দেশলৈ.........
কিন্তু আশা !
আশাই কি দিয়ে !

তুমি যে কোৱা
আশাই জীৱনৰ ৰঙবোৰ ৰঙীন কৰে,
আশাই মাদকতা বঢ়াই জীৱনৰ
জীয়াই থকাৰ আৰু আৰু........
আৰু বহুতো
তোমাৰ মৰম আঁকলোৱা শব্দৰ বোৱঁতী নৈ........
শুনি যাওঁ মাথোঁ তোমাৰ মুখলৈ ৰ' লাগি চাই......

আচলতে জীৱন বৰ চতুৰ জানা !
প্ৰতিপল জুখি চায় আমাক সময়ৰ আওতাত,
কেতিয়াবা সুখৰ বন্যা লৈ আৰু
আৰু কেতিয়া দুখৰ এচমকা ঘন ক'লা ডাৱৰ হৈ ৷

তটিনীৰ অধোমুখী গতিত
প্ৰেমৰ মিঠা আমেজ নিগৰে,
পাহৰৰ পৰা ভৈয়ামৰ বুকুলৈ.................
জীৱনৰ চন্দ্ৰত পূৰ্ণিমাৰ জোন হৈ
তোমাৰ হাঁহি নিগৰে মোৰ বুকুলৈ......
আশাৰ ৰুণজুন নূপুৰৰ ধ্বনি হৈ..........৷৷

সময়ৰ চানেকিত জীৱনে খুদিত কৰে
হাজাৰ কাহিনীৰ হাজাৰ জীৱনী........
সেয়ে আশাৰ গইনা লৈ জীৱন আগবাঢ়ে
দূৰ্বাৰ হেঁপাহেৰে সময়ক বুকুচাত লৈ.......৷৷
তুমি যে কোৱা আশাৰ অবিহনে জীৱন শূণ্য !
চোৱা ফাগুনৰ সৰাপাতেও আশাৰে বাট চায়
ন-কুঁহিপাতৰ সেউজীয়া সুবাসলৈ......
হয়তো সেয়ে চাগে ফাগুন উন্মাদ হয় বৰষাৰ
টোপাল টোপাল মুকুতাবোৰলৈ........!!

আৰু আৰু বৰদৈচিলাইয়ো জীৱনৰ পোৱা নোপোৱা
কাহিনীৰ হিচাপলৈ মুখলধাৰে বৃষ্টি নিগৰায়
নতুনক আদৰাৰ আশাৰ প্ৰভাতি কিৰণ হৈ.......
আশাৰে কাহিনী গঢ় লয়
কাহিনীয়ে অন্য এক যাত্ৰাত ভুমুকি মাৰে
য'ত আশাৰ লগতে সময়ে দিয়ে
জীৱন গঢ়াৰ চাবি কাঠি৷
আশা এক যাত্ৰা........
জীৱন গঢ়াৰ.......
জীৱনৰ উচ্চ হিমালয় স্পৰ্শ কৰাৰ.......৷