স্পন্দিত গদ্যঃ সংকল্প .....✍ হেমন্ত ভাৰতী

বাগিচাৰ বুধুৱা-লিলাৱতীহঁতৰ ছোৱা গিলাই
ইচ্-কুল পঢ়িব ।
অ, আ, ক, খ পঢ়িব, লিখিব৷
বুধুৱাৰ বেটী পদ্মিনীয়ে
বৰ বাবুৰ ঘৰত কাম কৰিবলৈ
এৰি বিদ্যালয়ত নাম লিখাব, পঢ়িব
বৰ মানুহ হ'ব ।

লিলাৱতীৰ বেটা লক্ষ্মণে
মহাজনৰ ঘৰৰ গৰুকেইটা চৰাবলৈ এৰি
পঢ়াশালিত
"অকণে আনে অমিতা
আমিনাই আনে আম. . . . . "
সমনীয়াৰ স'তে আওৰাব, পঢ়িব ।

সিহঁতৰ আজন্ম চাহ-শ্ৰমিক, কুলি, বনুৱা, গিৰিমিটিয়া
আদি বিশেষণবোৰক
অতিক্ৰমি চোৱা গিলা এদিন শিক্ষিত হ'ব ।
আৰু স্বাৱলম্বী হ'ব !
দেশৰ একো একোজন সুনাগৰিক হ'ব,
দেশ চলাব ।

লক্ষ্মণ-পদ্মিনীহঁতে শিৰিষৰ তলৰ পৰা,
বাগিচাৰ জুপুৰী ঘৰৰ তলৰ পৰা
কেঁচা চাহপাতৰ গোন্ধটো নাকত লৈ
চহৰ মুখী হ'ব৷
বাগিচাৰ ৰূপ সলনি কৰিব
এখন নতুন বাগিচা পাতিব আৰু গঢ়িব ।

বুধুৱা- লিলাৱতীহঁতে হাৰিয়াৰ বাটিত
চুমুক দি অতীত ৰোমন্থন কৰি গাব----
"চৰাদাৰ বলে কাম কাম
বাবু বলে ধৰে আন
চাহেব বলে পিঠেৰ চাম
ৰে নিষ্ঠুৰ শ্যাম
ফাঁকি দিয়ে আনিলি আছাম।"

মাদলৰ চেৱে চেৱে,
ঝুমুই গীতৰ তালে-তালে বাগিচাৰ সকলোৱে
সুখতো উদযাপন কৰিব দুখ ।

                +++++
(বিঃদ্ৰঃ শব্দাৰ্থঃ চাহ বাগিচাৰ প্ৰচলিত শব্দঃ ছোৱা গিলাঃ ল'ৰা-ছোৱালী,  ইচ্-কুলঃ স্কুল, বেটাঃ পুত্ৰ, বেটীঃ পুত্ৰী, হাৰিয়াঃ পৰম্পৰাগত ভাবে চাউলৰ পৰা প্ৰস্তুত কৰা সুৰা বা মদ ।)