ধুনীয়া বাবেই সকলো ধুনীয়া .....✍ ৰমেন চাংমাই

মই তোমাক নুসুধো
কিয় মোক ভাল পোৱা ?
মই জানো তুমি মোক ভাল পোৱা
যেনেকৈ পিতাইক মই ভাল পাওঁ
সুন্দৰ মনৰ মানুহৰ বাবেই
পৃথিৱীখন ধুনীয়া
পৃথিৱীখন ধুনীয়া বাবেই
আমাৰ মনবোৰ ধুনীয়া
প্ৰকৃতিবোৰ ধুনীয়া
তুমি ধুনীয়া, মই ধুনীয়া
ধুনীয়া বাবেই সকলো ধুনীয়া ৷

২৪ -০৪ ২০১৮