সিদিনা পুৱাই হৰেণ দাৰ সৈ'তে মুখামুখি । দাঁত ঘহি আছিল । মোক দেখি পিকখিনি পেলাই ক'লে "বুজিছ, দুশ টকা আজি মোৰ পানীত পৰিল৷" সুধিলোঁ "কিয়, কেনেকৈ ?" হৰেণ দাই ক'লে "দুশ টকা দি এটা পঞ্জাবী চাৰ্ট কিনিছিলো, দুবছৰমান পিন্ধিলো। এটা সময়ত হাত আৰু জেপকেইটা ফাটি থাকিল, দুশ টকীয়া বস্তু পেলাই দিমনে কিবা ! চোলাটোৰ হাত আৰু তলডোখৰ কাটি পেলালো, হৈ গ'ল বনিয়ন। সেইটোও দুবছৰমান পিন্ধিলো। তাৰপিছতো ইঠাইত সিঠাইত ফাটিলে.. দুশ টকাৰ বস্তু, আকৌ কেঁচি চলালো, হৈ গ'ল শ্ৰী মতীৰ এটা সুন্দৰ ব্লাউজ । তেৱোঁ দুবছৰমান পিন্ধাৰ পিছত পেলাই দিব খুজিলে, মই বোলো নেপেলাবা, দুশ টকা ....আকৌ কেঁচি চলালো, হৈ গ'ল ৰুমাল ....। সেইখনো এবছৰমান চলিল। পত্নীয়ে পেলাই দিব খোজাত মই আনি পুনৰ কেঁচি চলাই সৰু সৰুকৈ কাটি কেইবাডালো শলিতা বনালো, দুশ টকাৰ কথাটো.... চাকি জ্বলালোঁ । কিন্তু ছাইবোৰ কি পেলাই দিম ? দুশ টকাৰ কথা ভাই । গোটেই ছাইবোৰ জমা কৰি থৈছিলো । তাৰেই আজি দাঁত মাজিছিলো। এই পিকখিনিৰ লগতে আজি সকলো পানীত পৰিল । দুশ টকা ...!! বৰ আফচোচ হৈছে অ'......







