মোৰ কঁহুৱা কোমল মৰমবোৰ
ৰ'দৰ তাপত ডেই পুৰি
সেউজীয়া হেৰুৱাই
শুকাই হাউলি
সাবটিলে চিৰাল ফটা পথাৰ
ব'হাগ, জেঠ, আহাৰ
কিমানলৈ সহিব মৰমবোৰে
প্ৰখৰ ৰ'দৰ অত্যাচাৰ?
তোমাৰ বতাহত উৰা চুলিটাৰি
কলীয়া মেঘৰ চপৰা হৈ
হাঁহি কিৰীলিৰে বুকুত ৰুই যায়
এডৰা সেউজীয়া কঠিয়া
নে সপোন?
সপোন খেদি খেদি
উজুটিত টোপনি ভাঙিলে
দিঠকত নাহে যে সপোন পুনৰাই
মিচিকিয়া হাঁহিটিৰে জোকাই
মোৰ কলিজাত নুৰুবা
মিছা মৰমৰ কঠিয়া দুনাই
অনৰ্গল বৰষুণৰ টোপালেও
মৰহা শুকান কঠিয়া
কৰিব নোৱাৰে সেউজীয়া।
ৰ'দৰ তাপত ডেই পুৰি
সেউজীয়া হেৰুৱাই
শুকাই হাউলি
সাবটিলে চিৰাল ফটা পথাৰ
ব'হাগ, জেঠ, আহাৰ
কিমানলৈ সহিব মৰমবোৰে
প্ৰখৰ ৰ'দৰ অত্যাচাৰ?
তোমাৰ বতাহত উৰা চুলিটাৰি
কলীয়া মেঘৰ চপৰা হৈ
হাঁহি কিৰীলিৰে বুকুত ৰুই যায়
এডৰা সেউজীয়া কঠিয়া
নে সপোন?
সপোন খেদি খেদি
উজুটিত টোপনি ভাঙিলে
দিঠকত নাহে যে সপোন পুনৰাই
মিচিকিয়া হাঁহিটিৰে জোকাই
মোৰ কলিজাত নুৰুবা
মিছা মৰমৰ কঠিয়া দুনাই
অনৰ্গল বৰষুণৰ টোপালেও
মৰহা শুকান কঠিয়া
কৰিব নোৱাৰে সেউজীয়া।







