চেনাইটি বিহু দেখোন যাবৰে হ’ল
নেঘেৰী- খোপাটি মোৰ
উকা হৈয়ে ৰ’ল
তই কপৌ এপাহ
আনি সজোৱাৰ কথা নাছিল জানো মোৰ কৱৰী
এদিনটো তয়ে কৈছিলি
গছৰ ডাল শুৱাই ফুলা
কপৌপাহে বোলে
তাৰ সঠিক ঠিকনা বিচাৰি পাব
মোৰ খোপাত
চেনাইটি জেতুকাৰ বোল ম্লান পৰিল মোৰ
তই কিয় নাহিলি
বৰ হেঁপাহেৰে বোলাইছিলোঁ অ’
তই ভাল পাব বাবেই
সেয়া কেৱল জেতুকাৰ বোল নাছিল
সপোনবোৰ আঁকিছিলোঁ আশাৰে
বিহুৱান খনো লিৰিকি- বিদাৰি পুনৰ সাঁচি থ’লোঁ
চেনাইটি মই জানোঁ
তয়ো নিজানত
বাঁহীটিত কৰুণ সুৰ তুলি
বিষাদৰ গীত ৰঁচি
দুচকু সেমেকাই ৰৈ আছ
অভিমানবোৰ সাবটি
তই গঢ় দিয়া অভিমানৰ প্ৰাচীৰখন
আৰু কিমান দিনলৈ?
নেঘেৰী- খোপাটি মোৰ
উকা হৈয়ে ৰ’ল
তই কপৌ এপাহ
আনি সজোৱাৰ কথা নাছিল জানো মোৰ কৱৰী
এদিনটো তয়ে কৈছিলি
গছৰ ডাল শুৱাই ফুলা
কপৌপাহে বোলে
তাৰ সঠিক ঠিকনা বিচাৰি পাব
মোৰ খোপাত
চেনাইটি জেতুকাৰ বোল ম্লান পৰিল মোৰ
তই কিয় নাহিলি
বৰ হেঁপাহেৰে বোলাইছিলোঁ অ’
তই ভাল পাব বাবেই
সেয়া কেৱল জেতুকাৰ বোল নাছিল
সপোনবোৰ আঁকিছিলোঁ আশাৰে
বিহুৱান খনো লিৰিকি- বিদাৰি পুনৰ সাঁচি থ’লোঁ
চেনাইটি মই জানোঁ
তয়ো নিজানত
বাঁহীটিত কৰুণ সুৰ তুলি
বিষাদৰ গীত ৰঁচি
দুচকু সেমেকাই ৰৈ আছ
অভিমানবোৰ সাবটি
তই গঢ় দিয়া অভিমানৰ প্ৰাচীৰখন
আৰু কিমান দিনলৈ?







