জাগ্ৰত হোৱা অসমীয়া ✍ অপূৰ্ব কুমাৰ ডেকা

অসমী আইৰ বুকুত খিলঞ্জীয়াই কান্দিছে
বাংলাদেশী মিঞাই
বিজয় উল্লাস পাতিছে ৷

৮৫৫ জন শ্বহীদৰ আত্ম বলিদান
ক'ত গাভৰুৰ উকা কপাল
ক'ত পুত্ৰহাৰা মাতৃৰ চকুলো
আজিও উমি উমি জ্বলে
খিলঞ্জীয়াৰ বুকু ৷

চিলাপথাৰত জাতীয় সত্বাক
কৰিলে অপমান
নগাৱঁত জ্বলালে চেনেহৰ বিহুৱান;
অসমতে অসমীয়াক মুৰ্দাবাদ দিলে
তথাপিও অসমীয়া শুইয়ে আছে ৷

হেৰৌ আছুৰ সংগ্ৰামী ৰণুৱা
উভতাই আনা
তিৰাশীৰ ধুমুহা
এতিয়াও আছে হাজাৰ লাচিত
খৰ্গেশ্বৰ তালুকদাৰ বিষ্ণু জ্যোতি
মাথো লাগে সবল নেতৃত্ব
নহ'লে হেৰাব অসমীয়াৰ অস্তিত্ব ৷

জাগ জাগ আছুৰ বিপ্লৱী ডেকা
হাতত হেংদান
কপালত গামোচা
দেশ বুলিলে আদেশ নেলাগে
আহৌ আহ্ ওলাই আহ্
তেজাল জনতা ৷

জয় আই অসম

যোগাযোগঃ ৭৩৯৯৬৬৭৯৮৯